ছাত্র সমাজৰ দ্বাৰা পৰিচালিত বিশ্ব কপোৱা অসমৰ ঐতিহাসিক বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত ১৯৮৩ চনৰ জুয়ে পোৰা তিৰাশীৰ পহিলা মাৰ্চত অসমী আইৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ কৰম সিঙৰ স্মৃতি দিৱস আজি বৰক’লা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় প্ৰাংগণত থকা ত্ৰি-শ্বহীদ চন্দন সিং, কৰম সিং আৰু বলীন্দ্ৰ মজুমদাৰৰ স্মৃতিসৌধত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ।
পুৱা ৯ বজাত শ্বহীদ কৰম সিঙৰ স্মৃতিসৌধত তেওঁৰ ভাতৃ জিৎ সিং আৰু ইকবাল সিঙে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তাৰ পিছত শ্বহীদ বলীন্দ্ৰ মজুমদাৰৰ স্মৃতিসৌধত বন্তি প্ৰজ্বলন কৰে তেওঁৰ পত্নী তৰুলতা মজুমদাৰে। আনহাতে শ্বহীদ চন্দন সিঙৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁৰ ভাতৃ তেজা সিঙে।
শ্ৰদ্ধাঞ্জলি ক্ষেত্ৰত পুষ্পাঞ্জলি অৰ্পণ কৰি বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী মঞ্জুৰাণী লস্কৰে কয় যে অসম আন্দোলনৰ শ্বহীদসকলৰ বিষয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে জনাটো আৱশ্যক । তেওঁলোকৰ বিষয়ে জানিলেহে শ্বহীদ দিৱস পতাৰ সাৰ্থকতা থাকিব । অনুষ্ঠানত আন এগৰাকী বিশিষ্ট অতিথি লেখক-সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে জুয়ে পোৰা তিৰাশীৰ আন্দোলনত বৰক’লাৰ তিনিজন তেজাল যুৱক ক্রমে কৰম সিং, চন্দন সিং আৰু বলীন্দ্ৰ মজুমদাৰে অসম মাতৃৰ কাৰণে প্ৰাণ আহুতি দিলে। তেওঁলোকৰ ত্যাগে বৰক’লা অঞ্চলক সদায় মহীয়ান কৰি ৰখাৰ লগতে গৰিমামণ্ডিত কৰি ৰাখিব । লগতে তেওঁ পাঠ্যপুথিতো শ্বহীদসকলৰ বিষয়ে সন্নিৱিষ্ট কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।
বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ভদ্ৰকান্ত ডেকাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানটিত শিশু সাহিত্যিক উত্তম সিং, সমাজকৰ্মী মোহিনী মোহন লস্কৰ, তেজা সিং, জিৎ সিং, ইকবাল সিং, ৰতন সিং, গুৰুদেৱ সিং, বলদেৱ সিং, মনদীপ সিং, সঞ্জীৱ সিং, বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক চন্দ্ৰমোহন শৰ্মা, জিৎ কৌৰ, জছবীৰ কৌৰ, ৰুমী শইকীয়া, হৰপ্ৰীত সিং, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলৰ বহুসংখ্যক লোক উপস্থিত থাকে। সন্ধিয়া স্মৃতিসৌধত বন্তি প্ৰজ্বলেনেৰে শ্বহীদ দিৱসৰ সামৰণি পৰে।
বিশেষ বাৰ্তা, নগাঁও, ১ মাৰ্চ :