সম্পাদকীয় : বৰমতাৰ ফিতাহি
বৰমতা ধাৰণাটোৰ সৃষ্টি হয় নিজৰ প্রভুত্বৰ বিস্তৃতি আৰু গভীৰতাৰ অনুভৱৰ পৰা৷ ব্যক্তিগত বা ৰাজহুৱা জীৱনৰ উভয় ক্ষেত্রতে ই প্রযোজ্য৷ মধ্যযুগত নিজৰ এই ধাৰণাটোৰ বশৱৰ্তী হৈয়েই একোজন ৰজাই আন একোজন ৰজাৰ ৰাজ্যত আক্রমণ চলাইছিল৷ আক্রমণকাৰী ৰজাজন এই যুদ্ধত জয়ী হ’লে তেওঁৰ আত্মবিশ্বাস স্বাভাৱিকতেই বাঢ়ি গৈছিল৷ তেনেদৰেই তেওঁ এখনৰ পিছত আন এখন ৰাজ্য জয় কৰি গৈছিল৷ কোনোবাখনত পৰাজিত হ’লেও সেয়া তেওঁৰ বাবে আত্মসন্মানৰ প্রশ্ণ হৈ উঠিছিল৷ তেওঁ ছলে–বলে–কৌশলে প্রতিপক্ষক পৰাস্ত কৰি তেওঁৰ ৰাজ্য দখল কৰি লৈছিল বা তেওঁক বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য কৰাই তেওঁক কৰতলীয়া ৰাজ্য পাতি তেওঁৰ পৰা বিভিন্ন ধৰণৰ লাভ আদায় কৰিছিল৷ এনেদৰেই একোজন প্রতাপী সম্রাটে নিজৰ সাম্রাজ্য বিস্তাৰ কৰিছিল৷ এতিয়া পিছে সময় সলনি হ’ল৷ মধ্যযুগীয় শাসন ব্যৱস্থা এতিয়া নাই৷ কিন্তু তাহানিৰ সেই সাম্রাজ্যবাদী ধ্যান–ধাৰণাৰ যেন এতিয়াও ওৰ পৰা নাই৷ সাম্রাজ্য বিস্তাৰৰ পোনপটীয়া অৱকাশ নাথাকিলেও নিজৰ প্রভুত্ব বিস্তাৰৰ বাবে সেই একেই সাম্রাজ্যবাদী আচৰণ এতিয়াও সুলভ৷ এনে আচৰণৰ বাবেই একেটা শতিকাতেই দুখনকৈ বিধ্বংসী বিশ্বযুদ্ধ দেখিবলৈ পালে বিশ্ববাসীয়ে যোৱা কুৰি শতিকাত৷
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কুৰি শতিকাৰ প্রায় শেষলৈ চলি থকা শীতল যুদ্ধৰো আঁৰৰ প্রৱণতা আছিল একেটাই৷ তেতিয়াৰ দুই শক্তিধৰ ৰাষ্ট্র আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন ক্ষমতাৰ বাবেই এনেদৰে শীতল যুদ্ধত লিপ্ত হৈছিল৷ পিছত কুৰি শতিকাৰ নব্বৈ দশকৰ আৰম্ভণিতেই ছোভিয়েট ইউনিয়নত সৃষ্টি হোৱা আমূল পৰিৱর্তনে এই শীতল যুদ্ধৰ অৱসান ঘটোৱাৰ কথা সকলোৰে জ্ঞাত৷ কিন্তু ইয়াতেই ওৰ নপৰিল সাম্রাজ্যবাদী মানসিকতাৰ৷ বিশ্বত যেন একছত্রী হৈ পৰিল আমেৰিকা৷ অর্থনৈতিকভাৱে পৃৃথিৱীৰ আন দেশসমূহৰ তুলনাত স্বচ্ছল হোৱাৰ বাবেই নিজকে বৰমতা বুলি ভবাৰ এটা অৱকাশ পালে আমেৰিকাই৷ ফলত, আন দেশসমূহৰ ওপৰত যিকোনো প্রকাৰে প্রভুত্ব বিস্তাৰৰ পুৰণি কৌশলকেই নতুন ৰূপত প্রয়োগৰ বাবে ব্যস্ত হৈ পৰিল আমেৰিকা৷ সম্প্রতি মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ড্রাম্পৰ কার্যকলাপেও তাকেই জল্জল্–পট্পট্কৈ তুলি ধৰিছে৷ অৱশ্যে এয়া এগৰাকী মার্কিন ৰাষ্ট্রপতিৰ ক্ষেত্রতেই সঁচা নহয়, এয়া মার্কিন যুক্তৰাষ্ট্রৰ এটা পৰম্পৰা বুলি ক’লেও নিশ্চয় ভুল নহ’ব৷
অকল একবিংশ শতিকাৰ উদাহৰণকেই যদি লওঁ তেন্তে চলিত শতিকাটোৰ বিগত বছৰকেইটাতেই আন ৰাষ্ট্রৰ ওপৰত কেইবাটাও আক্রমণ সংঘটিত কৰিছে আমেৰিকাই৷ প্রাক্তন ৰাষ্ট্রপতি জর্জ ডব্লিউ বুশ্বৰ (কনিষ্ঠ) আমোলত আফগানিস্তান (২০০০, ২০০৯), য়েমেন (২০০২, ২০০৯), ইৰাক (২০০৩, ২০০৯), পাকিস্তান (২০০৪, ২০০৯) আৰু ছোমালিয়াত (২০০৭, ২০০৯), বাৰাক অ’বামাৰ আমোলত আফগানিস্তান (২০০৯, ২০১৭), পাকিস্তান (২০০৯, ২০১৬), য়েমেন (২০০৯, ২০১৭), ইৰাক (২০০৯, ২০১৭), ছোমালিয়া (২০০৯, ২০১৭), লিবিয়া (২০১১) আৰু ছিৰিয়াত (২০১৪), জো বাইডেনৰ আমোলত আফগানিস্তান (২০২১), ছোমালিয়া (২০২১, ২০২২), ইৰাক (২০২১, ২০২২), ছিৰিয়া (২০২১, ২০২২) আৰু য়েমেনত (২০২২, ২০২৪), তেনেদৰে ড’নাল্ড ট্ৰাম্পৰ দুয়োটা কার্যকালৰ ভিতৰত আফগানিস্তান (২০১৭, ২০২১), পাকিস্তান (২০১৭, ২০১৮), ছোমালিয়া (২০১৭, ২০২১), ইৰাক (২০১৭, ২০২৫), ছিৰিয়া (২০১৭, ২০২৫), লিবিয়া (২০১৯), নাইজেৰিয়া (২০২৫), ভেনিজুৱেলা (২০২৫, ২০২৬), য়েমেন (২০২৫, ২০২৬), ইৰান (২০২৫, ২০২৬) আৰু ইকুৱেড’ৰত (২০২৬) সামৰিক অভিযান চলাইছে৷
এইবোৰৰ প্রায়ভাগেই পূর্ণ পর্যায়ৰ যুদ্ধ নহয় যদিও ইয়াত প্রভুত্ব বিস্তাৰৰ প্রৱণতা স্পষ্ট৷ ইয়াৰ আঁৰত আছে বাণিজ্যিক প্রভুত্ব বিস্তাৰৰ স্বার্থ৷ আমেৰিকাই নিজকে বৰমতা দেখুৱাই চলিত শতিকাত যিবোৰ দেশত সামৰিক অভিযান চলাইছে, সেই দেশবোৰৰ অর্থনৈতিক স্থিতিও নিশ্চয় লক্ষণীয়৷ অর্থাৎ যেন হাঁহৰ ওপৰত শিয়াল ৰজা কিবা এটা অজুহাত উলিয়াই একোখন সার্বভৌম দেশৰ ওপৰত আক্রমণ চলোৱাটো কিমানখিনি গ্রহণযোগ্য সেয়া অনস্বীকার্য৷ যোৱাটো শতিকাতো আমেৰিকাই ছাদ্দাম হুছেইন, কর্নেল গাদ্দাফি আদি নেতাৰ যি গতি কৰিলে তাক সকলোৰে নিশ্চয় মনত আছে৷ শেহতীয়াকৈ নিকোলাছ মাদুৰোক নিজ বাসগৃহৰ পৰা মাজনিশা অপহৰণ কৰাৰ দৰে ধৰি লৈ যোৱা আৰু আয়াতুল্লা আলী খামেনেইক মিছাইল আক্রমণেৰে হত্যা কৰাৰ ঘটনাও একেই প্রৱণতাৰে প্রতিফলন৷ অৱশ্যে খামেনেইক হত্যাৰ ক্ষেত্রত পোটপটীয়াকৈ ইজৰাইলহে জড়িত হ’লেও ইৰানৰ বিৰুদ্ধে চলি থকা বর্তমানৰ যুদ্ধখনৰ সহযোগী হোৱা বাবে আমেৰিকাই ইয়াৰ পৰা নিশ্চয় মূৰ পোলোকা মাৰিব নোৱাৰে৷ কিন্তু লক্ষণীয় কথাটো হৈছে যে পৃথিৱীৰ ৰাষ্ট্রসমূহৰ সর্বোচ্চ সংগঠন ‘ৰাষ্ট্রসংঘ’ৰ ভূমিকা এইক্ষেত্রত অসহায় যেন লাগে৷ যুদ্ধ বুলি নকৈ সামৰিক অভিযান বুলি ক’লেও আমেৰিকাৰ এনে প্রতিটো পদক্ষেপৰ ক্ষেত্রত ৰাষ্ট্রসংঘই বলিষ্ঠ ভূমিকা ল’ব পৰা নাই৷ মূলতঃ বিশ্বত শান্তি প্রতিষ্ঠাৰ বাবেই ৰাষ্ট্রসংঘ স্থাপন কৰা হৈছিল, যাতে পুনৰ আন এখন বিশ্বযুদ্ধ হ’ব নোৱাৰে৷ কিন্তু ৰাষ্ট্রসংঘৰ এনে দুর্বল স্থিতিৰ বাবেই বহুতৰে মনত শংকা হৈছে যে এনেদৰে চলি থাকিবলৈ হ’লে কোনোবাদিনা যে ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ নহ’ব, তাক কোনে বুকুত হাত থৈ ক’ব পাৰিব৷
কেৱল ৰাষ্ট্রসংঘই নহয়, পৃথিৱীৰ প্রভাৱশালী ৰাষ্ট্রসমূহেও গাইগুটীয়াকৈ বা তেওঁলোকৰ সংগঠনসমূহৰ জৰিয়তে এনে কার্যৰ বিৰুদ্ধে মাত মতাও দেখা নগ’ল৷ ফলত, নিৰ্দ্বিধাই আমেৰিকাই মইমতালিৰে বছা বছা দেশসমূহৰ ওপৰত বৰমতা দেখুৱাই যাবলৈ সাহস পাইছে৷ এনে মইমতালিৰে আমেৰিকাৰ স্বার্থ সিদ্ধি হৈছে ঠিকেই, কিন্তু সমগ্র পৃথিৱীতে যে ই বিৰূপ প্রভাৱ পেলাইছে তাক লৈ মাত মতা দেশ যেন নোহোৱা হৈছে৷ আমাৰ দেশৰ বহুতেই প্রধানমন্ত্রী মোদীকো সমালোচনা কৰিছে ইৰানৰ পক্ষ নোলোৱা বাবে৷ কিন্তু ভাৰতৰ যি পৰম্পৰাগত নিৰপেক্ষ স্থিতি তাকেই মানি প্রধানমন্ত্রীয়ে এনে সময়ত কাৰো পক্ষ লোৱা নাই৷
যুদ্ধ মানৱ সভ্যতাৰ বাবে সদায় ক্ষতিকাৰক৷ কাৰোবাৰ পক্ষ লৈ যুদ্ধৰ উন্মাদনাক ৰোধ কৰিব পৰা নাযায়৷ এটা পক্ষৰ হৈ মাত মাতিলে আন এটা পক্ষৰ বাবে জ্বলা জুইত ঘিউ ঢলাৰ দৰেহে হ’ব৷ সেইবাবেই ভাৰত সদায় শান্তিৰ পক্ষত৷ শান্তিৰ বাবে নিৰপেক্ষ স্থিতি ল’বই লাগিব৷ প্রধানমন্ত্রীয়ে মন্তব্য কৰিছে, বুদ্ধৰ দেশে যুদ্ধ নিবিচাৰে, শান্তিহে বিচাৰে৷ কিন্তু সর্বোচ্চ সংগঠন হিচাপে ৰাষ্ট্রসংঘই দুয়োপক্ষক সৈমান কৰাৰ বাবে বলিষ্ঠ ভূমিকা গ্রহণ কৰাৰ গত্যন্তৰ নাই৷ নিৰপেক্ষ দেশসমূহে ৰাষ্ট্রসংঘক আকণ্ঠভাৱে সমর্থন আগবঢ়োৱা উচিত৷ কিন্তু আচল বিড়ম্বনাটো হ’ল যে ধনী দেশসমূহৰ বৰঙণিৰ ওপৰতে নির্ভৰশীল ৰাষ্ট্রসংঘ আৰু ইয়াৰ সহযোগী সংগঠনসমূহ৷ গতিকে, এফালৰ পৰা চাবলৈ গ’লে ৰাষ্ট্রসংঘৰো হাত–ভৰি বন্ধা৷ কিন্তু বিশ্ব শান্তিৰ স্বার্থত এই খোলাটোৰ পৰা ওলাই অহাৰ সাহস কৰিব পাৰিব লাগিব ৰাষ্ট্রসংঘই৷ কাৰণ, কোনো দেশৰ মইমতালিৰ বাবে বিশ্বত যদি শান্তিয়েই নাথাকিল, তেন্তে ৰাষ্ট্রসংঘৰ উপযোগিতাইবা থাকিল ক’ত৷ কিবা কাৰণত আজিৰ পাৰমাণৱিক শক্তিৰে বলীয়ান বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ সৃষ্টি হ’বলৈ হ’লে এই সকলোবোৰেই অসাৰ হৈ পৰিব৷ সেইবাবেই সকলোৱে মিলি ৰাষ্ট্রসংঘক শক্তিশালী কৰি তোলা উচিত৷