নলবাৰীৰ মুকালমুৱাত মানৱতাক ভূলুণ্ঠিত কৰা এক অমানৱীয় ঘটনাই আজি সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোপাধৰাৰ সন্দেহত এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাক এটা খুঁটাত হাতে-ভৰিয়ে বান্ধি একাংশ উন্মাদ লোকে অমানুষিক অত্যাচাৰ চলায়। মুকালমুৱা সাপ্তাহিক বজাৰত সংঘটিত এই ঘটনাটোত মহিলাগৰাকীক গণপ্ৰহাৰ কৰি থকা দেখিও কোনো এগৰাকী লোকে বাধা প্ৰদান কৰিবলৈ আগবাঢ়ি নাহিল।
এই ঘটনাৰ সম্ভেদ পোৱা মাত্ৰকে মুকালমুৱা আৰক্ষীয়ে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায়। পিছত মহিলাগৰাকীৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
মহিলাগৰাকীৰ প্ৰকৃত পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যদিও মানসিক বিকাৰগ্ৰস্ততাত ভুগি থকা মহিলাগৰাকী হাজো আৰক্ষী থানাৰ অন্তৰ্গত বুল্লুট গাঁৱৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। দুদিনমান পূৰ্বে দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত কাপলাবড়ী গাঁৱতো সোপাধৰাৰ সন্দেহৰ বশৱৰ্তী হৈ আন এগৰাকী মহিলাক স্হানীয় লোকে হাৰাশাস্তি কৰিছিল। মুকালমুৱাৰ আৰক্ষীয়ে ইতিমধ্যে সোপাধৰাৰ ক্ষেত্ৰত উৰাবাতৰি বিয়পোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।