নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে কংগ্ৰেছে, আনুষ্ঠানিক ঘোষণা গৌৰৱ গগৈৰ

ডিজিটেল ডেস্ক, ১১ মাৰ্চ : অৱশেষত জল্পনা-কল্পনাৰ অন্ত পৰিল । দীৰ্ঘদিন ধৰি ৰাজ্যৰ ৰাজনীতিৰ এক চৰ্চিত বিষয় বিৰোধী মিত্ৰতাত নাথাকে ৰাইজৰ দল । এই কথা শেহতীয়াকৈ স্পষ্ট হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এক সামাজিক মাধ্যমৰ পোষ্টত ।

উল্লেখ্য যে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁটত ৰাজ্যৰ দুই আঞ্চলিক দল অখিল গগৈৰ ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদে অংশগ্ৰহণ কৰিছিল। দীৰ্ঘদিন ধৰি চলা আলোচনাৰ অন্তত বুধবাৰে গৌৰৱ গগৈৰ সামাজিক মাধ্যমৰ এক পোষ্টৰ দ্বাৰা এই মিত্ৰতাত অখিল গগৈৰ ৰাইজৰ দল নথকাটো চূড়ান্ত হয়। অৱশ্য়ে অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ আসন বুজাবুজি সম্পূৰ্ণ হৈছে। অখিল গগৈৰ আঁকোৰগোজ মনোভাবৰ বিপৰীতে গৌৰৱ গগৈৰ হোঁহকা-পিছলা নীতিৰ বাবেই এই মিত্ৰতা সম্ভৱ নহ’ল বুলি শেহতীয়াকৈ চৰ্চা চলিছে।

বুধবাৰে সামাজিক মাধ্যমৰ পোষ্টত গৌৰৱ গগৈয়ে এইদৰে লিখিছে- “অসমৰ ৰাইজে বিচৰাৰ দৰেই আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত বিৰোধী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছিলোঁ। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণেৰে এক সুবিধাজনক আৰু আশাপদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই।

নিৰ্বাচনী মিত্ৰতাৰ প্ৰথম লক্ষ্যই হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা। এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখিও আমি বহল দৃষ্টিভংগীৰে আসন এৰা-ধৰাৰ মাজেৰেই বিষয়টো আগুৱাই লৈ গৈছিলোঁ।

কিন্তু বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই। সেয়েহে সম্প্ৰতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছোঁ। পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম।”

You might also like