নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন বৰাই দেখুৱালে শক্তি, বিহপুৰীয়াত কেইবাশ কংগ্রেছ কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন

যোৱা কেইদিনমানৰ পৰা লখিমপুৰৰ বিহপুৰীয়া সমষ্টিত চৰ্চাত আছে সমষ্টিটোৰ প্ৰাক্তন কংগ্রেছী বিধায়ক তথা বৰ্তমান ন-বিজেপি ভূপেন বৰা। তেওঁ নকৈ বিজেপিৰ সাজ পৰিধান কৰি সমষ্টিটোত প্ৰৱেশ কৰাৰ পাছত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

আজি লখিমপুৰত ন-বিজেপি ভূপেন বৰাই দেখুৱালে শক্তি। আজি বিহপুৰীয়া সমষ্টিৰ ছয় শতাধিক কংগ্রেছ কৰ্মীয়ে তেওঁৰ উদ্যোগত বিজেপি দলত যোগদান কৰে। বিজেপিৰ লখিমপুৰ জিলা কাৰ্যালয়ত মন্ত্রী ৰণোজ পেগু, বিধায়ক মানৱ ডেকা আদিৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী।

উল্লেখ্য যে কংগ্রেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰা প্ৰদেশ কংগ্রেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক লৈ জিলাখনৰ বিহপুৰীয়া সমষ্টিত ব্যাপক চৰ্চা চলি আছে। ভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ সময়তে আজি সমষ্টিটোৰ ছশৰো অধিক কংগ্রেছ কৰ্মীক লগত লৈ ভূপেন বৰা দলৰ জিলা কাৰ্যালয়লৈ আহে। মন্ত্রী ৰণোজ পেগু, বিধায়ক মানৱ ডেকা, জিলা বিজেপিৰ সভাপতি শ্যামল  শৰ্মা আদি বহু বিষয়ববীয়া তথা দলীয় কৰ্মীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে তেওঁলোকে বিজেপিত যোগদান কৰে। মন্ত্রী, বিধায়ক আদিয়ে নৱাগতসকলক দলীয় অংগবস্ত্ৰৰে বিজেপি দললৈ আদৰণি জনায়।

সংবাদ মাধ্যমৰ আগত মন্ত্রী ৰণোজ পেগুৱে বিহপুৰীয়াত একাংশই ভূপেন বৰাৰ বিৰোধিতা কৰা প্ৰসংগত প্ৰশ্নৰ উত্তৰ দি কয়- বৃহৎ ৰাজনৈতিক দলত টিকটক লৈ প্ৰতিদ্বন্দ্বিতা থাকিবই। এয়া কেৱল বিহপুৰীয়াতে নহয়। আন কেতবোৰ সমষ্টিতো থাকিব। কিন্তু টিকট ঘোষণা হোৱাৰ পিছত সকলোৱে একেলগে কাম কৰিব।

ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত বিহপুৰীয়া সমষ্টিত সৃষ্টি হোৱা বিৰোধী পৰিৱেশৰ প্ৰসংগত কয়- ৰাজনীতিত সমৰ্থন কৰা বা বিৰোধ কৰা এটা সাধাৰণ ঘটনা। মোৰ বিজেপিত যোগদান কৰাৰ ২০ দিনেই হোৱা নাই। তেনে ক্ষেত্রত পুৰণি কৰ্মীৰ মনত ক্ষোভ সৃষ্টি হোৱাটো স্বাভাৱিক। সমষ্টিটোত মোৰ বিজেপিৰ সৈতে বিৰোধিতা ২০ বছৰৰ। মই বৰ্তমান বিজেপিলৈ আহিলোঁ। সেয়ে ৰাইজে আঁকোৱালি ল’বলৈ কিছু সময় লৈছে। সোনকালে মই বিজেপি দলৰ কাৰ্যকৰ্তাৰ সমৰ্থন লাভ কৰিম। মই ভাবোঁ- বিজেপি দলৰ যিটো মূল নীতি সেইটো হ’ল ব্যক্তিস্বাৰ্থতকৈ দল আৰু দেশৰ স্বাৰ্থ আগত। কাৰ্যকৰ্তাসকলে সময়ত নিশ্চয়ই এই কথা উপলব্ধি কৰিব ।

বিশেষ বাৰ্তা, লখিমপুৰ, ১১ মাৰ্চ : 

You might also like