নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী, বেয়া বতৰৰ বাবে কোকৰাঝাৰ ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি শুকুৰবাৰে দুপৰীয়া বায়ুসেনাৰ বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয়। উল্লেখযোগ্য যে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ পৰা গুৱাহাটী আহি হেলিকপ্টাৰযোগে কোকৰাঝাৰলৈ যোৱাৰ কথা আছিল। কিন্তু বেয়া বতৰৰ বাবে সেই ভ্ৰমণসূচী বাতিল হয়। ফলত প্ৰধানমন্ত্ৰীগৰাকীয়ে দিনটো গুৱাহাটীতেই থাকিব।

বিমানবন্দৰৰ পৰা তেওঁ কইনাধৰালৈ ৰাওনা হয়। তাতেই উপস্থিত থাকি প্ৰধানমন্ত্ৰীয়ে পূৰ্বনিৰ্ধাৰিত বিভিন্ন অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব।

ইফালে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ বিমানবন্দৰত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যকে ধৰি একাধিক মন্ত্ৰী, সাংসদ আৰু বিধায়ক।

ডিজিটেল ডেস্ক, ১৩ মাৰ্চ

You might also like