ৰাজ্যত LPG গেছৰ কোনো অভাৱ নাই
অসমত ৰন্ধন গেছৰ অভাৱ হোৱা বুলি চলি থকা গুজব খণ্ডন কৰিছে ভাৰতীয় তেল নিগমে (Indian Oil Corporation (IOC))। সংস্থাটোৱে স্পষ্ট কৰি কৈছে যে ৰাজ্যত এলপিজি চিলিণ্ডাৰৰ কোনো সংকট নাই আৰু ৰাইজ আতংকিত হোৱাৰ প্ৰয়োজন নাই।
IOCৰ মুখ্য সাধাৰণ প্ৰবন্ধকে (LPG) জনায় যে বৰ্তমান অসমত পৰৱৰ্তী ১১ দিনৰ বাবে যথেষ্ট এলপিজি মজুত আছে। তেওঁ কয় যে অসমত চাৰিটা ৰিফাইনেৰী থকাৰ বাবে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ বটলিং প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু যোগান অবিৰত চলি থাকিব।
অসমৰ মুঠ এলপিজি চাহিদাৰ প্ৰায় ৪০ শতাংশ ৰাজ্যৰ ভিতৰতে উৎপাদিত হয়। সেয়ে স্থিৰ যোগান ব্যৱস্থাৰ বাবে সম্ভাৱ্য সংকটৰ গুজবক গুৰুত্ব নিদিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।
IOCৰ সূত্ৰই জনোৱা অনুসৰি, ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ অনলাইন বুকিং ব্যৱস্থা কাৰিকৰী সমস্যাৰ বাবে সাময়িকভাৱে বিঘ্নিত হৈছিল যদিও আজিৰ পৰা পুনৰ আৰম্ভ হৈছে।
সম্ভাৱ্য অভাৱৰ আশংকাত গ্ৰাহকসকলে একেলগে অধিকসংখ্যক বুকিং কৰাৰ ফলত “পেনিক বুকিং” বৃদ্ধি পাইছিল, যাৰ ফলতেই ডিজিটেল সেৱা কিছু সময়ৰ বাবে বিকল হৈ পৰে।
যদি পুনৰ অনলাইন ব্যৱস্থাত কোনো কাৰিকৰী সমস্যা দেখা দিয়ে, তেন্তে গ্ৰাহকসকলে নিজৰ ওচৰৰ গেছ এজেন্সীত গৈ স্বয়ং উপস্থিত হৈ বুকিং কৰিব পাৰে বুলি জনোৱা হৈছে।
ইফালে বিতৰণ প্ৰক্ৰিয়া সুশৃঙ্খল কৰিবলৈ চৰকাৰে এক নতুন নিয়ম জাৰি কৰিছে। এতিয়াৰে পৰা একে গ্ৰাহকে দুটা চিলিণ্ডাৰ বুকিঙৰ মাজত কমেও ২৫ দিনৰ ব্যৱধান থাকিব লাগিব।
এই বিষয়ত মুখ্যমন্ত্ৰীয়েও কঠোৰ স্থিতি গ্ৰহণ কৰিছে। মুখ্য সচিবৰ সভাপতিত্বত আৰক্ষীৰ শীৰ্ষ কৰ্তৃপক্ষ আৰু তেল কোম্পানীৰ প্ৰতিনিধিসকলৰ সৈতে অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে কয় যে অবৈধ মজুত আৰু কলাবজাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ইতিমধ্যে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত জিলা আয়ুক্তসকলক অবৈধভাৱে চিলিণ্ডাৰ বিক্ৰীৰ ওপৰত কঠোৰ নজৰদাৰী ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। বিগত ১০ দিনত এলপিজি ক্ৰয়ৰ অস্বাভাৱিক বৃদ্ধিৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ৰন্ধন গেছৰ কলাবজাৰত জড়িত লোকক তৎক্ষণাৎ গ্ৰেপ্তাৰ কৰা। প্ৰকৃত গ্ৰাহকসকলে যাতে কোনো ধৰণৰ বিঘ্নিত নোহোৱাকৈ অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰে তাৰ বাবে জিলা প্ৰশাসনসমূহক উচ্চ সতর্কতাত ৰখা হৈছে।
ডিজিটেল ডেস্ক, ১৩ মাৰ্চ