নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইলৈ যোৱাৰ সুযোগ পায়ো থমকিছে প্ৰতিভাৱান শিশুশিল্পী অংশুমান

চৰাইদেউ জিলাৰ মৰাণহাবি গাঁৱৰ এটি প্ৰতিভাবান শিশুশিল্পী অংশুমান গগৈ। সোণাৰিৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অষ্টম শ্ৰেণীত অধ্যয়নৰত অংশুমান বাঁহী বজোৱাত পাকৈত৷ বাঁহীত সুমধুৰ সুৰৰ মূৰ্চনা তোলাত পাকৈত এইগৰাকী প্ৰতিভাবান শিশু শিল্পীয়ে বিগত বৰ্ষৰ ৩১ জুলাইত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ৰিডম ইভেণ্টছ এণ্ড মেনেজমেণ্ট প্ৰাইভেট লিমিটেডে আয়োজন কৰা সংস্কৃতি সংগ্ৰামত বাঁহী বাদন শাখাত ৰাজ্যিক পৰ্যায়ত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে৷

সেই সূত্ৰে অংশুমানে মুম্বাইত অনুষ্ঠিত প্ৰতিযোগিতা খনিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শাখাত অংশগ্ৰহণৰ সুযোগ লাভ কৰে৷ কিন্তু অংশুমানৰ পিতৃ সঞ্জীৱ গগৈ আৰ্থিকভাবে স্বচ্ছল নোহোৱাত এইক্ষেত্ৰত জটিলতা আহি পৰে৷ এখন স্কুলভান চলাই পৰিয়াল ভৰণপোষণ দিয়া পিতৃগৰাকীয়ে পুত্ৰ অংশুমানক মুম্বাইত অনুষ্ঠিত হবলগা ৩য় আন্তৰাষ্ট্ৰীয় মুম্বাই কাৰ্ণিভেলত অংশগ্ৰহণ কৰোৱাবলৈ লৈ যোৱাত অৰ্থাভাৱৰ সমস্যাত পৰে৷

কিন্তু পুত্ৰৰ সম্ভাৱনাপূৰ্ণ ভৱিষ্যতত নিশ্চিত সফলতা আৰু তেওঁৰ তাগিদাত মূৰকত ধাৰ ঋণ কৰি পিতৃ সঞ্জীৱ গগৈয়ে পুত্ৰ অংশুমানক মুম্বাইত অনুষ্ঠিত হবলগা প্ৰতিযোগিতাখনিত যোগদান কৰোৱায়৷ অৱশেষত মুম্বাইতো অংশুমানে পিতৃক নিৰাশ নকৰাকৈ নিৰ্দিষ্ট শাখাত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়৷ অংশুমানে মুম্বাইত হোৱা প্ৰতিযোগিতাখনিত বেষ্ট অফ দা বেষ্ট খিতাপ দখল কৰিবলৈ সক্ষম হয়৷

এই সফলতাই অংশুমান আৰু তেওঁৰ নিকট আত্মীয় সকলৰ মাজলৈ আনন্দৰ ধল কঢ়িয়াই আনে যদিও পিতৃ সঞ্জীৱ গগৈৰ মনত এই সফলতাই চিন্তাৰ বোজাহে কঢ়িয়াই আনে৷ কাৰণ মুম্বাইত ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰাৰ পাছত পুত্ৰ অংশুমানে অহা ৫ জুনত ডুবাইত অনুষ্ঠিত হবলগা ডুবাই কাৰ্ণিভেলত অংশগ্ৰহণৰ সুযোগ লাভ কৰে৷

এতিয়া অংশুমানৰ সফলতা পিতৃগৰাকীৰ বাবে সমস্যা সদৃশ হৈ পৰিছে৷ অহা জুন মাহত ডুবাইত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰিবলৈ অংশুমান আৰু তেওঁৰ পিতৃৰ বাবে অৰ্থৰ অভাৱ প্ৰধান আৰু মূল সমস্যা হৈ পৰিছে৷ অৱশ্যে শুভাকাংক্ষীসকলৰ সহযোগ লাভ কৰিলে এই সমস্যা নিসন্দেহে নোহোৱা হৈ পৰিব৷

বিভিন্নজনৰ আৰ্থিক সহযোগিতা লাভেৰে অংশুমানে যদি ডুবাইলৈ যোৱাৰ সুযোগ লাভ কৰে তেন্তে নিশ্চিতভাৱে অসমলৈ তেওঁ সুনাম কঢ়িয়াই আনিব পাৰিব বুলি পিতৃগৰাকীয়ে প্ৰকাশ কৰিছে৷ অংশুমানৰ সম্ভাৱনাপূৰ্ণ যাত্ৰাত সহায় কৰিব বিচাৰিলে শুভাকাংক্ষীসকলে তেওঁৰ পিতৃৰ মবাইল নম্বৰ 93658 04359-ত যোগাযোগ কৰি সবিশেষ জানি সহায়ৰ হাত আগবঢ়াব পাৰে নতুবা পিতৃৰ বেংক একাউণ্ট নং 1325010273107 আইএফএছ ক’ড PUNB0132520-ত আৰ্থিক বৰঙনি আগবঢ়াব পাৰে ৷

নিয়মীয়া বাৰ্তা, চৰাইদেউ, ১৪ মাৰ্চ

You might also like