নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ কামৰূপ জিলাৰ বেজেৰা সমীপৰ শালমাৰা গাঁৱৰ এগৰাকী সৰবৰহী ধৰ্মপ্ৰাণ মহিলাৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত এক শোকৰ ছাঁ পৰিছে । গাঁওখনৰ ঘণাকান্ত ডেকাৰ পত্নী পূর্ণিমা ডেকাৰ দেওবাৰে সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬২ বছৰ । বিগত এসপ্তাহ ধৰি চিকিৎসালয়ত চিকিৎসাধীন মহিলা গৰাকী সুস্থ হোৱাত চিকিৎসকে দেওবাৰে মুকলি কৰি দিয়াত সাম্প্রতিক পৰিৱেশৰ বাবে তেওঁক হেঙাৰবাৰীত থকা আত্মীয়ৰ ঘৰলৈ নিয়া হয় । আত্মীয়ৰ ঘৰতে হঠাৎ হৈ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চুপাৰ মাৰ্কেটত থকা জি এন আৰ চি হাস্পতালৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
ধৰ্মপ্ৰাণ মহিলা গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত চিকিৎসালয়ত কিছু গুণমুগ্ধ উপস্থিত হোৱাৰ লগতে শালমাৰাত থকা বাসগৃহতো উপস্থিত হয় অসংখ্যজন । পিছত বাসগৃহলৈ লৈ অনা হয় পূণিমা ডেকাৰ নশ্বৰদেহ । অতি সহজ সৰল অমায়িক মৰমিয়াল সুগৃহিনী পূৰ্ণিমা ডেকাৰ মৃত্যুত বেজেৰা মণ্ডল সভাপতি দিলীপ ডেকা, বেজেৰা জিলা পৰিষদৰ সদস্য অনিল ৰাজ ডেকা, বৰবংশৰ সমবায় সমিতিৰ সভাপতি ৰমণী মোহন ডেকা,বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ চন্দ্র কান্ত গোস্বামী, গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ খৰ্গেশ্বৰ ডেকা, সাহিত্যিক মোহন শইকীয়া, বেজেৰা উন্নয়ন খণ্ড বিষয়া অপূর্ব বৰুৱা, স্থানীয় সংগঠন প্ৰত্যুষ বেজেৰা, বেজেৰা কেন্দ্রীয় যুৱক সংঘ, সময় শালমাৰা, খেহেনীপাৰা অনন্ত যুৱক সংঘ, পূব কামৰূপ ছাত্র সন্থা, পূব কামৰূপ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা, পূব কামৰূপ সাহিত্য সভা, বেজেৰা জ্ঞানোদয় অধ্যায়ন চৰা, শালমাৰা ব্যৱসায়ি সন্থা, শালমাৰা স্থায়ী দুৰ্গা পূজা সমিতি আদিকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্রকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জনায় । মৃত্যুৰ সময়ত তেখেতে স্বামী ঘনকান্ত ডেকা, দুই পুত্র-বোৱাৰী, তিনি গৰাকী জী-জোঁৱাই, নাতি নাতিনীক ইহসংসাৰত এৰি থৈ যায় ।