কোকৰাঝাৰত ইফতাৰ পাৰ্টীত অংশগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ
কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম মোনাকোছাত আজি বিয়লি অনুষ্ঠিত এক ইফতাৰ পাৰ্টীত যোগদান কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। ইফতাৰ পাৰ্টীত যোগদান কৰি মহিলাৰীয়ে বিপিএফ দলে সকলো ধৰ্মাৱলম্বীৰ লোকক সন্মান কৰে আৰু সকলোৰে বাবে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে।
ইপিনে বিধানসভা নিৰ্বাচনক লৈ বিপিএফৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে অহা ২০ মাৰ্চৰ পূৰ্বে বিপিএফ দলৰ পৰা কোনে ক’ত নিৰ্বাচন খেলিব সেয়া ঠিক কৰা হ’ব আৰু ২০ মাৰ্চত বিপিএফৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ’ব।
আনহাতে ইউপিপিএল দল এনডিএ এৰা নেৰা সন্দৰ্ভত সাবাদিকে সোধা এক প্ৰশ্নোত্তৰত হাগ্ৰামা মহিলাৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে ইউপিপিএল এনডিএ ত্যাগ কৰিছে নেকি সেয়া কোৱাটো দিগদাৰ। ইউপিপিএল এনডিএৰ লগতে আছে৷ সিহঁতে কি গেম খেলিছে সিহঁতৰ অৰ্থাৎ ইউপিপিএলৰ কথা ৷
প্ৰমোদ বড়ো এনডিএৰ টিম হিচাপে ৰাজ্যসভাৰ সাংসদ পাইছে। ইউপিপিএল দিল্লীত এনডিএ হিচাপে আছে, দিছপুৰতো এনডিএ হিচাপে আছে। গতিকে অসম বিধানসভাৰ আসন্ন নিৰ্বাচনত ইউপিপিএলে এনডিএৰ লগত নাই বুলি কোৱাটো অৰ্থহীন ৷ এইবিলাক আমাক বুজাব নালাগে৷ আমি বুজি পাওঁ৷ ৰাইজক ইমান মিছা কথা কৈ লাভ নাই ৷ ইউপিপিএল দিল্লীত এতিয়াও এনডিএৰ লগত আছে, দিছপুৰতো আছে৷ কিন্তু বিটিচিত আমাৰ লগত নাই বুলি কয় মহিলাৰীয়ে ৷
ইপিনে হাগ্ৰামা মহিলাৰীৰ সহধৰ্মিনী ছিউলী মহিলাৰীৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে টিকট সকলোৱে বিচাৰিব পাৰে। দলৰ পলিচি মেকিং বডীয়ে সিদ্ধান্ত লব কোনে ক’ত টিকট পাব।
ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ১৭ মাৰ্চ