নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে ৰাজ্যত দিনে নিশাই স্বাস্থ্য বিভাগৰ সকলো কৰ্মী ব্যস্ত হৈ থকাৰ সময়তে আজি কামৰূপ জিলাৰ চাংসাৰি থানাৰ সমীপতে এক পথ দুৰ্ঘটনাত দুজন স্বাস্থ্য কৰ্মী আহত হয় । প্ৰাপ্ত বাতৰি অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ একাউন্ট বিভাগৰ দুই স্বাস্থ্য কৰ্মী এ এছ ০১ ই ডি ৮০৩৪ নম্বৰৰ স্কুটিৰে কৰ্মস্থলীলৈ গৈ থকা সময়ত চাংসাৰি থানাৰ সমীপতে তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত আই ১০ গাড়ীখনে এখন অন্য গাড়ী কাষেৰে অতিক্রম কৰোতে হঠাৎ ৰৈ দিয়াত পিছফালৰ পৰা স্কুটি আৰোহী দুই গৰাকীয়ে আই ১০ গাড়ী খনত খুন্দা মাৰে ফলত স্কুটি আৰোহী দুগৰাকী পথত পৰি যায় । ইয়াৰ পিছত আই ১০ বাহনখনৰ গৰাকীয়ে দুয়োজনক পথৰ পৰা উঠাই চিকিৎসাৰ বাবে লৈ যায় । দুয়োজনে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় । জানিব পৰা মতে আহত স্বাস্থ্য কৰ্মী দুজন বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰা ভোমোলাহাটীৰ তপন ডেকা (৩৫) আৰু বিহদিয়া বেলকোণাৰ গোবিন্দ ডেকা (৫৪) ।
Prev Post
You might also like