নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সা সমষ্টিত গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী ৰমেশ চন্দ্ৰ দাস

আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ দিনক দিনে উত্তপ্ত হৈ উঠাৰ মাজতে বাক্সা জিলাৰ নৱগঠিত ৪২নং বাক্সা বিধানসভা সমষ্টিত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা হ’ল। শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ, সমাজকৰ্মী, লেখক, বুদ্ধিজীৱী তথা অৱসৰী শিক্ষক ৰমেশ চন্দ্ৰ দাসক আজি আনুষ্ঠানিকভাবে গন সুৰক্ষা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

বাক্সা জিলাৰ বৰমাস্হিত বাক্সা প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত গন সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ কুমাৰ শৰণীয়াই এই কথা ঘোষণা কৰে। সংবাদমেলখনত উপস্থিত থকা দলীয় কৰ্মী, স্থানীয় নেতা-কৰ্মী আৰু সংবাদ মাধ্যমৰ আগত সভাপতি নৱ কুমাৰ শৰণীয়াই কয় যে, ৰমেশ চন্দ্ৰ দাসে দীৰ্ঘদিন ধৰি শৰণীয়া কছাৰী সমাজৰ উন্নয়ন, শিক্ষা বিস্তাৰ আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

তেওঁৰ এই অভিজ্ঞতা আৰু জনসেৱাৰ মানসিকতাৰ বাবে গণ সুৰক্ষা পাৰ্টিয়ে তেওঁক এই সমষ্টিৰ বাবে উপযুক্ত প্ৰাৰ্থী হিচাপে বাছনি কৰিছে। শৰণীয়াই আৰু কয় যে, বাক্সা বিধানসভা সমষ্টি এটা বহুজাতিক, বহুসংস্কৃতিক এলেকা। ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোক বসবাস কৰে।

এই এলেকাৰ সামগ্ৰিক উন্নয়নৰ বাবে এক সমন্বয়মূলক নেতৃত্বৰ প্ৰয়োজন। ৰমেশ চন্দ্ৰ দাসৰ সেই যোগ্যতা আৰু অভিজ্ঞতা দুয়োটাই আছে। আমি বিশ্বাস কৰোঁ তেওঁ এই সমষ্টিৰ জনতাৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰিব।এই ঘোষণাই অন্য দলৰ প্ৰাৰ্থীক শংকিত কৰি তুলিছে। দাস দেৱৰ প্ৰাৰ্থীত্ব ঘোষণাৰ পিছতে বিশেষকৈ শৰণীয়া কছাৰী সমাজৰ মাজত আনন্দৰ জোৱাৰ দেখা গৈছে।

বহুতে ইয়াক এক ইতিবাচক পদক্ষেপ হিচাপে গ্ৰহণ কৰিছে আৰু আশা প্ৰকাশ কৰিছে যে দাসৰ নেতৃত্বত সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন সাধন হ’ব। ইপিনে সংবাদমেলত ৰমেশ চন্দ্ৰ দাসে কয় যে, তেওঁ সদায়ে জনসেৱাক অগ্ৰাধিকাৰ দি আহিছে আৰু ৰাজনীতিৰ মঞ্চতো সেই লক্ষ্যক আগবঢ়াই নিব বিচাৰে।

তেওঁ কয়, মই এই সমষ্টিৰ মানুহৰ মাজৰেই এজন। তেওঁলোকৰ সমস্যা, দুখ-কষ্ট মই নিকটৰ পৰা দেখিছোঁ। এইবাৰ তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ লৈ মই নিৰ্বাচনত অৱতীৰ্ণ হ’ম। মোৰ লক্ষ্য হৈছে শিক্ষাৰ উন্নয়ন, স্বাস্থ্য ব্যৱস্থাৰ শক্তিশালীকৰণ আৰু যুৱসমাজৰ বাবে অধিক কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা।

তেওঁ আৰু উল্লেখ কৰে যে, বাক্সা জিলাৰ বহু অঞ্চলত এতিয়াও মৌলিক সুবিধাৰ অভাৱ আছে। পথ-ঘাটৰ উন্নয়ন, পানীৰ সমস্যা, কৃষকৰ আৰ্থিক অসুবিধা আদি বহু সমস্যাই স্থানীয় লোকসকলক বিপদত পেলাইছে। এই সমস্যাবোৰ সমাধান কৰাৰ বাবে তেওঁ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে।

সংবাদমেলত উপস্থিত থকা দলীয় কৰ্মীসকলেও যথেষ্ট উৎসাহ প্ৰকাশ কৰে।তেওঁলোকে কয় যে, ৰমেশ চন্দ্ৰ দাসৰ নেতৃত্বত গন সুৰক্ষা পাৰ্টিয়ে এই সমষ্টিত এক শক্তিশালী বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিব। ইতিমধ্যে দলীয় স্তৰত প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি চলিছে। বিশেষকৈ গ্ৰাম্য এলেকাত তেওঁৰ প্ৰভাৱ স্পষ্ট দেখা যায়। বহু লোকে তেওঁক এক সৎ আৰু নিষ্ঠাবান নেতা হিচাপে গণ্য কৰে।

আনহাতে, অন্যান্য ৰাজনৈতিক দলসমূহেও এই ঘোষণাৰ পিছত নিজৰ কৌশল পুনৰ বিবেচনা কৰাৰ সম্ভাৱনা আছে বুলি অনুমান কৰা হৈছে। ইতিমধ্যে বিভিন্ন দলৰ মাজত প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া তীব্ৰ গতিত চলি আছে। সমষ্টিটোৰ যুৱসমাজৰ মাজতো এই ঘোষণা এক বিশেষ আলোড়ন সৃষ্টি কৰিছে। বহু যুৱকে দাসৰ উন্নয়নমূলক চিন্তাধাৰাৰ প্ৰতি আস্থা প্ৰকাশ কৰি তেওঁৰ সমৰ্থনত আগবাঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

তেওঁলোকে আশা কৰিছে যে, দাসে যদি জয়ী হয় তেন্তে যুৱসমাজৰ বাবে নতুন সুযোগ সৃষ্টি হ’ব।সামগ্ৰিকভাৱে ক’ব পাৰি যে, গণ সুৰক্ষা পাৰ্টিৰ পৰা ৰমেশ চন্দ্ৰ দাসৰ প্ৰাৰ্থিত্ব ঘোষণা বাক্সা বিধানসভা সমষ্টিত এক নতুন ৰাজনৈতিক অধ্যায়ৰ সূচনা কৰিছে। এতিয়া চাবলগীয়া হৈছে জনতাই কিমানখিনি এই নতুন নেতৃত্বক গ্ৰহণ কৰে আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ কি প্ৰভাৱ পৰে।

আহি থকা দিনসমূহত এই সমষ্টিত ৰাজনৈতিক তৎপৰতা আৰু বাঢ়িব বুলি আশা কৰা হৈছে। বিভিন্ন দলৰ প্ৰচাৰ অভিযান, জনসভা আৰু ৰাজনৈতিক আলোচনা-সমালোচনাই সমষ্টিটোৰ পৰিৱেশক লাহে লাহে উত্তপ্ত কৰি তুলিছে।

নিয়মীয়া বাৰ্তা, বৰমা, ১৯ মাৰ্চ

You might also like