লখিমপুৰৰ পথালিপাহাৰত পাঁচদিনীয়া ভাওনা সমাৰোহ আৰম্ভ
আজি পুৱাৰে পৰা ভকত বৈষ্ণৱৰ মিলন ভূমিত পৰিনত অসম অৰুনাচলৰ সীমান্তৱৰ্তী পথালিপাহাৰ৷ মহাপুৰুষ মাধৱদেৱৰ পুণ্য জন্মস্থানৰ পবিত্ৰ ভূমি লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমাৰ পথালিপাহাৰত আজিৰ পৰা আৰম্ভ হৈ পাঁচদিনীয়া ভাওনা সমাৰোহ।
ভাওনা শিল্পী সমাজ লখিমপুৰ জিলাৰ উদ্যোগত দয়াময় নাট্য গোষ্ঠী, পথালিপাহাৰ আৰু আঞ্চলিক ৰাইজৰ সহযোগত আজিৰ পৰা আৰম্ভ হৈছে পঞ্চম বাৰ্ষিক ভাওনা সমাৰোহ।জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহি উপস্থিত হোৱা ভক্ত প্ৰাণ বৈষ্ণৱৰ পদধূলায়ে মিলন তীৰ্থত পৰিনত হৈছে মাধৱদেৱ ৰঙ্গক্ষেত্ৰ।
পুৱা পৰিৱেশ নিকাকৰনৰ পিছতে জিলা সমাৰোহৰ পতাকা উত্তোলন কৰে ভাওনা শিল্পী সমাজ লখিমপুৰ জিলাৰ সভাপতি উপেন চন্দ্ৰ বৰুৱাই। উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিশ্বেশ্বৰ দত্তই।
আজিৰ পুৱাৰ অনুষ্ঠানত ভাওনা শিল্পী সমাজ লখিমপুৰ জিলা পঞ্জীয়ণভূক্ত ৩১টা নাট্যদলৰ পতাকা উত্তোলন কৰাৰ পিছতে স্মৃতি তৰ্পন আৰু শ্ৰদ্ধাঞ্জলি জনায় সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰন সম্পাদক সীমান্ত নেওগ আৰু উদযাপন সমিতিৰ উপ সভাপতি গুণকান্ত ভূঞাই।
বৃক্ষ ৰোপণ, নাম প্ৰসঙ্গৰ পিছতে স্মৃতিগ্ৰন্থ ‘ৰঙ্গৰস’ উদ্বোধন কৰে খেৰাজখাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃদুল বুঢ়াগোহাঁয়ে। দুশগৰাকী শিল্পী গায়ন-বায়নেৰে মঞ্চ মুকলি হোৱাৰ পিছতে বানিজ্য মেলা মুকলি কৰে শঙ্কৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সোনাৰাম কলিতাই।
ইয়াৰ পিছতে ৰাম বিজয় অঙ্কীয়া ভাওনা প্ৰদৰ্শনেৰে সমাৰোহ আৰম্ভ হয়। চলি থকা ভাওনা সমাৰোহৰ আটাইকেইটা অনুষ্ঠানত ৰাইজৰ পুৰ্ণ সহযোগিতা কামনা কৰিছে আদৰনী সমিতিয়ে৷
নিয়মীয়া বাৰ্তা, বান্দৰদেৱা, ২৯ মাৰ্চ