আই পি এলৰ পূৰ্বে আঘাতৰ সমস্যাত জুৰুলা কেকেআৰ
ডিজিটেল ডেস্ক, ২২ মার্চ : আইপিএললৈ মাজতে মাথোঁ ৬টা দিন বাকী৷ ২৮ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া বিচিচিআইৰ ঐশ্বর্যশালী প্রতিযোগিতাখনৰ পূর্বে আঘাতৰ সমস্যাত ভুগিছে কলকাতা নাহট ৰাহডার্ছ৷ হর্ষিত ৰাণাৰ পিছত এইবাৰ আঘাতৰ বাবে আইপিএলৰ পৰা বাদ পৰিল আকাশদীপ৷
কেকেআৰৰ এজন শীর্ষ বিষয়াই আকাশদীপ বাদ পৰাৰ কথা নিশ্চিত কৰিছে৷ তেওঁ কয় যে আঘাতৰ বাবে আকাশদীপক সমগ্র আইপিএলৰ পৰা বাদ দিয়া হৈছে৷ যিটো সঁচাকৈয়ে দুর্ভাগ্যজনক৷ যোৱা বছৰৰ মিনি নিলামত কেকেআৰে এক কোটি টকাৰ ভিত্তি মূল্যত বাছি লৈছিল ২৯ বছৰীয়া পেচাৰগৰাকীক৷ ১৮ মার্চৰ পৰা কলকাতাত আৰম্ভ হৈছে দলটোৰ প্রশিক্ষণ শিবিৰ৷
ইপিনে, শ্রীলংকাৰ পেচ বলাৰ মাথিছা পাথিৰানা কেতিয়া উপলব্ধ হ’ব সেয়া অনিশ্চিত৷ শ্রীলংকাই ব’ৰ্ডৰ পৰা ক্লীয়াৰেঞ্চ বিচাৰিছে যদিও এতিয়াও লাভ কৰা নাই৷ মন কৰিবলগীয়া যে ২৯ মার্চত কেকেআৰৰ প্রথমখন খেল মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে৷