নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত বৃদ্ধি মুর্গী–ছাগলী মাংসৰ দাম

দেশজুৰি ৰন্ধন গেছৰ নাটনিয়ে ৰাইজক সমস্যাত পেলোৱাৰ সময়তে আহিছে আন এক দুঃখবৰ৷ এইবাৰ দাম বাঢ়িছে মুর্গী আৰু ছাগলী মাংসৰ৷ মন কৰিবলগীয়া যে সর্বসাধাৰণ ৰাইজৰ মাজত জনপ্রিয় প্র’টিনযুক্ত খাদ্য ৰূপে সমাদৃত হৈ আহিছে মুর্গী মাংস৷

বিগত এসপ্তাহ পূর্বলৈ কমি থকা মুর্গী মাংসৰ দাম শেহতীয়াকৈ ৪০–৫০ টকালৈ বৃদ্ধি পাইছে৷ মহানগৰীৰ একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিয়া মতে, মুর্গী মাংসৰ ভিতৰত ব্রইলাৰ কুকুৰা গোটে প্রতি কিলোগ্রামত কিছুদিন পূর্বলৈ দাম আছিল ১৬০–১৭০ টকা৷ এতিয়া এই দাম বাঢ়ি ২০০ টকালৈ বৃদ্ধি পাইছে৷

একেদৰে কটা ব্রইলাৰ কুকুৰাৰ মাংসৰ দাম কিছুদিন পূর্বলৈ প্রতি কিলোত ২৫০ টকা আছিল যদিও এতিয়া এই দাম ৩০০ টকা হৈছে৷ আনহাতে ব্রইলাৰ কুকুৰাৰ সমান্তৰালকৈ সকলো ধৰণৰ ৰোগীৰ বাবে উত্তম পুষ্টিকৰ মাংস ৰূপে পৰিগণিত লোকেল কুকুৰাৰ দাম পূর্বতে প্রতি কিলোত ৫৫০ টকা আছিল যদিও সম্প্রতি বজাৰত এই দাম ৬০০–৬২০ টকালৈ বৃদ্ধি পাইছে৷

যোৱা ২১ মার্চত ৰমজান মাহৰ ৰোজাৰ অন্তত ঈদ ৰাজ্যজুৰি ইতিমধ্যে পালন কৰা হৈছে৷ ঈদৰ পৰিপ্রেক্ষিততে মুর্গীৰ মাংসৰ দাম বৃদ্ধি হোৱা বুলি ধাৰণা কৰা হৈছিল যদিও ব্যৱসায়ীসকলৰ মতে আগন্তুক কেইবাদিনলৈকে এই দাম পুনৰ বঢ়াৰ সম্ভাৱনা আছে৷

আনহাতে ৰাইজৰ মাজত জনপ্রিয় মাংসৰূপে পৰিগণিত হোৱা ছাগলী মাংসৰ দামো পূর্বৰ তুলনাত ১০০ টকা বৃদ্ধি পাইছে৷ বিগত ৭ দিন আগলৈকে ছাগলী মাংস প্রতি কিলোগ্রামত ৭০০ টকাকৈ বিক্রী হৈছিল যদিও ৮০০–৮২০ টকাকৈ প্রতি কিলো ছাগলী মাংস ৰাজ্যৰ বজাৰত বিক্রী হৈ আছে৷

ব্যৱসায়িক মহলৰ পৰা জানিব পৰা মতে, ৰাজ্যত প্রতিদিনে প্রয়োজন হোৱা ছাগলী মাংসৰ অধিকাংশই বিহাৰৰ পৰা আহে৷ কিন্তু শেহতীয়াকৈ বিগত কিছুদিন ধৰি বিহাৰৰ পৰা অহা ছাগলীৰ পৰিমাণ কমিছে৷ যাৰ পৰিপ্রেক্ষিতত ৰাজ্যৰ নিজস্ব উৎপাদনেৰে জোৰা–টাপলি মৰাৰ ক্ষেত্রত যথেষ্ট সমস্যাত পৰিছে ব্যৱসায়ীসকল৷

তেওঁলোকৰ মতে, উৎসৰ পৰাই বহু দামত ছাগলী ক্রয় কৰিবলগীয়া হৈছে৷ যাৰ বাবে ১০০ টকা দাম বঢ়োৱা হৈছে৷ পৰৱর্তী সময়ত এই দাম আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাও নথকা নহয় বুলি ব্যৱসায়িক মহলে সদৰী কৰিছে৷ কুকুৰা আৰু ছাগলী মাংসৰ লগতে বৃদ্ধি পাইছে গাহৰি মাংসৰো দাম৷ সম্প্রতি যুৱপ্রজন্মৰ পৰা বয়োজ্যেষ্ঠ লোকলৈকে সকলোৰে মাজত গাহৰি মাংসই ব্যাপক সমাদৰ লাভ কৰিছে৷

কিছুদিন পূর্বলৈকে ৪০০ টকাত উপলব্ধ হোৱা গাহৰি মাংস সম্প্রতি বজাৰত ৪৪০ টকালৈ প্রতি কিলোত বৃদ্ধি পাইছে৷ অৱশ্যে কি কাৰণত গাহৰি মাংসৰ দাম বাঢ়িছে এই সন্দর্ভত ব্যৱসায়ীসকল অৱগত নহয় যদিও অনাগত সময়ত আৰু অধিক দাম বঢ়াৰ সম্ভাৱনা আছে বুলি লগতে সদৰী কৰিছে ব্যৱসায়িক মহলে৷

লক্ষণীয় যে ৰন্ধন গেছৰ নাটনিৰ পৰিপ্রেক্ষিতত ৰাজ্যজুৰি ব্যৱসায়ীসকলৰ ভিতৰত আটাইতকৈ ক্ষতিগ্রস্ত হৈছে সৰু–সুৰা চাহ–ভাতৰ হোটেল ব্যৱসায়ীসকল৷ স্বাভাৱিকতে মাংসৰ দাম এই সময়ছোৱাত কমিবহে লাগিছিল৷ কিন্তু চাহিদা অনুপাতে যোগান কমি যোৱাৰ বাবে দাম কমক চাৰি অধিক বৃদ্ধিহে হৈছে৷

ডিজিটেল ডেস্ক, ২৫ মার্চ

You might also like