২০২৬–২৭ বর্ষৰ ঘৰুৱা ছিজনৰ সূচী ঘোষণা বিচিচিআইৰ
অসমৰ ক্রিকেটপ্রেমীৰ আন এক সুখবৰ৷ দক্ষিণ আফ্রিকাৰ পিছত টেষ্ট মেচ খেলিবলৈ গুৱাহাটীলৈ আহিব শক্তিশালী অষ্ট্রেলিয়া৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আজি ভাৰতীয় পুৰুষ দলৰ ২০২৬–২৭ বর্ষৰ আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ ঘৰুৱা সূচী ঘোষণা কৰিছে৷
ঘৰুৱা ছিজনটোত টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজ, শ্রীলংকা, জিম্বাব’ৱে আৰু অষ্ট্রেলিয়াৰ বিপক্ষে বহুকেইটা ফৰ্মেটৰ খেলত অংশগ্রহণ কৰিব৷ দেশৰ ১৭খন চহৰত ২২খন আন্তঃৰাষ্ট্রীয় খেল অনুষ্ঠিত হ’ব৷
বিচিচিআয়ে আজি এক বিবৃতিযোগে জনাই যে চলিত বর্ষৰ ২৭ ছেপ্টেম্বৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ ভাৰত ভ্রমণৰ জৰিয়তে এই ছিজনটো আৰম্ভ হ’ব৷ ভাৰত ভ্রমণকালত কেৰিবিয়ান বাহিনীয়ে তিনিখন এদিনীয়া আৰু পাঁচখন টি–২০ মেচত ভাগ ল’ব৷
এদিনীয়া শৃংখলাটোৰ দ্বিতীয়খন মেচ ৩০ ছেপ্টেম্বৰত গুৱাহাটীৰ বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ শৃংখলাটোৰ বাকী দুখন মেচ ত্রিবান্দ্রম আৰু নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব৷
আনহাতে, ৬–১৭ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া পাঁচখনীয়া টি–২০ শৃংখলাটোৰ মেচকেইখন ক্রমে লক্ষ্ণৌ, ৰাঁচী, ইন্দোৰ, হায়দৰাবাদ আৰু বেংগালুৰুত অনুষ্ঠিত হ’ব৷
ইপিনে, বছৰটোৰ শেষৰ পিনে তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰতলৈ আহিব শ্রীলংকা দল৷ ১৩–১৯ ডিচেম্বৰলৈ হ’বলগীয়া এদিনীয়া শৃংখলাটোৰ মেচকেইখন ক্রমে দিল্লী, বেংগালুৰু আৰু আহমেদাবাদত অনুষ্ঠিত হোৱাৰ বিপৰীতে ২২–২৭ ডিচেম্বৰলৈ চলিবলগীয়া টি–২০ মেচৰ শৃংখলাটোৰ মেচকেইখন ক্রমে ৰাজকোট, কটক আৰু পুনেত খেলোৱা হ’ব৷
আনহাতে, ২০২৭ বর্ষৰ আৰম্ভণিতে ভাৰত ভ্রমণলৈ আহিব জিম্বাব’ৱে৷ ভাৰত ভ্রমণকালত জিম্বাব’ৱেই তিনিখন এদিনীয়া মেচত ভাগ ল’ব আৰু মেচকেইখন ৩, ৬ আৰু ৯ জানুৱাৰীত কলকাতা, হায়দৰাবাদ আৰু মুম্বাইত খেলোৱা হ’ব৷
২০২৭ বর্ষৰে জানুৱাৰী মাহৰ শেষ ভাগত পাঁচখনীয়া ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্রমণ কৰিব শক্তিশালী অষ্ট্রেলিয়াই৷ টেষ্ট শৃংখলাটোৰ তৃতীয়খন টেষ্ট গুৱাহাটীত অনুষ্ঠিত হ’ব৷ ১১–১৫ ফেব্রুৱাৰীলৈ টেষ্টখন বর্ষাপাৰাস্থিত এচিএ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷
শৃংখলাটোৰ প্রথমখন টেষ্ট ২১–২৫ জানুৱাৰীলৈ নাগপুৰত, দ্বিতীয়খন টেষ্ট ২৯ জানুৱাৰীৰ পৰা ২ ফেব্রুৱাৰীলৈ চেন্নাই, চতুর্থখন টেষ্ট ১৯–২৩ ফেব্রুৱাৰীলৈ ৰাঁচীত আৰু পঞ্চম তথা অন্তিমখন টেষ্ট ২৭ ফেব্রুৱাৰীৰ পৰা ৩ মার্চলৈ আহমেদাবাদত খেলোৱা হ’ব৷
ডিজিটেল ডেস্ক, ২৬ মার্চ