নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰ গঠনত মুখ্য ভূমিকা থাকিব UPPL-ৰ, প্ৰমোদ বড়োৰ দাবী

বাক্সাৰ মুছলপুৰত দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰি ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

প্ৰমোদ বড়োৱে দাবী কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত চৰকাৰ গঠন কৰিবলৈ ইউ পি পি এলৰ সহায় অপৰিহাৰ্য হ’ব। তেওঁৰ মতে, ইউ পি পি এল দলে এইবাৰ ৮ৰ পৰা ১২খন আসন লাভ কৰিবলৈ সক্ষম হ’ব।

তেওঁ লগতে কয় যে তামুলপুৰ সমষ্টিত ইউ পি পি এল প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিব বুলি তেওঁ সম্পূৰ্ণ আশাবাদী।

আনহাতে নিৰ্বাচন সম্পৰ্কে আত্মবিশ্বাস প্ৰকাশ কৰি তেওঁ কয়— “ইউ পি পি এল দলে সাগৰো সাঁতুৰি পাৰ হ’ব পাৰে, হিমালয়তো বগাব পাৰে।”

বৃহস্পতিবাৰে নিশা অনুষ্ঠিত এই বৈঠকত তেওঁৰ এই মন্তব্যই নিৰ্বাচনী ৰাজনীতিত নতুন চাঞ্চল্য সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক, ২৭ মাৰ্চ

You might also like