নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসমুদ্ৰত পৰিণত অগপৰ নিৰ্বাচনী সভা, মানকাচৰত দুই শতাধিকৰ যোগদান

নিৰ্বাচনী বতাহে গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। কি কংগ্ৰেছ, কি অগপ, কি এআইডিইউএ— সকলো এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। ইয়াৰ মাজতে আজি মানকাচৰ বিধানসভা সমষ্টিত দেখিবলৈ পোৱা গ’ল এক বিশাল শক্তি প্ৰদৰ্শন।

জনসমুদ্ৰত পৰিণত হ’ল ফেৰশাটাৰি জনকল্যাণ হাইস্কুলৰ খেলপথাৰ। মানকাচৰ বিধানসভা সমষ্টিৰ টুমনি, পাটাকাটা আৰু মণিৰচৰ আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত অসম গণ পৰিষদৰৰ এক বিশাল নিৰ্বাচনী জনসভাই আজি বিশেষ চৰ্চা লাভ কৰিছে। মানকাচৰত পৰিৱৰ্তনৰ সংকল্প লৈ আজিৰ এই সভাত হাজাৰ হাজাৰ সমৰ্থকৰ সমাগম ঘটে।

এই সভাতেই কংগ্ৰেছ-এআইইউডিএফ দলত মোক্ষম আঘাত হানি অগপ দলত যোগদান কৰে দুই শতাধিকে। তদুপৰি দলটোত যোগদান কৰে মণিৰচৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য মজিবৰ ৰহমানে। অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ উপস্থিতিত তেওঁ আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। মজিবৰ ৰহমানৰ এই যোগদানে সমষ্টিটোত অগপৰ স্থিতি অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে।

নিৰ্বাচন চমু চাপি অহাৰ লগে লগে মানকাচৰত এতিয়া মিত্ৰজোঁট আৰু বিৰোধীৰ মাজত যুঁজখন তীব্ৰতৰ হৈ পৰিছে। আজিৰ এই বিশাল জনসভাই জাবেদ ইছলামৰ নিৰ্বাচনী যাত্ৰাত এক নতুন মাত্ৰা প্ৰদান কৰিলে।

নিয়মীয়া বাৰ্তা, মানকাচৰ, ২৯ মাৰ্চ :

You might also like