নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ সহস্ৰাধিক লোকৰ উপস্থিতিত বোকাজানত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা

ডিজিটেল ডেস্ক, ২৯ মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচন। ৰাজনৈতিক দলসমূহৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ কাৰ্বি আংলঙো ইয়াৰ ব্যতিক্ৰম নহয়। আজি প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই আৰু কংগ্ৰেছ মিত্ৰজোঁটক তুলাধুনা দি কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বজায় নিৰ্বাচনী ৰণডংকা ৷

দেওবাৰে ১০৮নং বোকাজান বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সূৰ্য ৰংফাৰৰ সমৰ্থনত হাংজালাংছ’ খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ১৫ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিজেপিক শক্তিশালী কৰিবলৈ ৰাইজক আহ্বান জনায় ৷

সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিয়ে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি বিশেষকৈ মহিলা, নিবনুৱা আৰু শিক্ষাৰ্থীসকলৰ বাবে লোৱা আঁচনিসমূহৰ খতিয়ান দিয়াৰ লগতে পুনৰ চৰকাৰ আহিলে নতুন নতুন আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷

সমষ্টিটোত ৰৈ যোৱা দহ হাজাৰ মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ ধন পঁচিশ হাজাৰলৈ বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ বিগত দহ বছৰীয়া শাসনকালত কাৰ্বি আংলং জিলাত শান্তি- সম্প্ৰীতি বিৰাজ কৰিছে ৷ যদিহে কাৰ্বি আংলঙৰ ৰাইজে কংগ্ৰেছ আৰু এ পি এইচ এল চি মিত্ৰজোঁটক ভোট দি জয়যুক্ত কৰে তেন্তে জিলাখনত বিশৃংখল পৰিস্থিতিৰ লগতে আন্দোলনৰ পৰিৱেশ গঢ়ি উঠিব বুলি মুখ্যমন্ত্ৰীয়ে সভাত উল্লেখ কৰে ৷

তেওঁ হাংজালাংছ’ত এখন ষ্টেডিয়ামৰ লগতে দুই হাজাৰ আসনযুক্ত এটা প্ৰেক্ষাগৃহ স্থাপন কৰা হ’ব বুলিও উল্লেখ কৰে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কাৰ্বি আংলঙৰ পাঁচোটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি উল্লেখ কৰে।

You might also like