নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ মার্চ, চ’ত মাহৰ ১৫ তাৰিখ
সোমবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : মঘা, যাত্রা : নাই

মেষ : আজি যোগাযোগত ব্যতিক্রমৰ মাজেৰে আনন্দ৷ বিদ্যাক্ষেত্রত সৰু–সুৰা বাধা আহিব পাৰে৷ বিবাহৰ যোগ৷ শুভ ৰং সেউজীয়া, অশুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

বৃষ : আজি ঘৰুৱা কোনো কাৰণত মানসিক ক্লেশ থাকিব৷ বিদ্যাত বাধা৷ কর্মক্ষেত্রত মধ্যম ফল৷ বন্ধুৰ বিশ্বাস অর্জন৷ ব্যৱসায়ত শুভ৷ শুভ ৰং নীলা, অশুভ ৰং মেৰুন, শুভ সংখ্যা ১৷

মিথুন : আজি উদ্যোগী ব্যক্তিৰ আনন্দ লাভ৷ সন্তানৰ বাবে মধ্যম৷ ব্যৱসায়ত সফলতা লাভ কৰিব৷ শুভ ৰং বগা, অশুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷

কর্কট : আজি ঘৰুৱা পৰিৱেশ প্রায় অনুকূল৷ বিদ্যাত বেয়া নহ’ব৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ৷ কর্মত নতুন সুযোগ পাব৷ শুভ ৰং বেঙুনীয়া, অশুভ ৰং সোণালী, শুভ সংখ্যা ৪৷

সিংহ : আজি ৰাজনীতিবিদসকলে সাৱধানে চলক৷ বিদ্যাত অধিক মনোযোগৰ দৰকাৰ৷ শাৰীৰিক অশান্তি৷ প্রেমত সাৱধান৷ বিবাহৰ যোগ৷ শুভ ৰং মেৰুন, অশুভ ৰং পিংক, শুভ সংখ্যা ৮৷

কন্যা : আজি কর্মক্ষেত্রত সহকর্মীৰ সহায় পাব৷ দাম্পত্যত শুভ৷ সামাজিক ক্ষেত্রত মান–সন্মান বৃদ্ধি পাব৷ ভ্রমণৰ যোগ৷ বিদ্যাত শুভ৷ শুভ ৰং কমলা, অশুভ ৰং ক্রীম, শুভ সংখ্যা ১৷

তুলা : আজি বিদ্যাত যত্ন লোৱা দৰকাৰ৷ দূৰ ভ্রমণ নকৰিব৷ নতুন সংবাদত আনন্দ৷ আর্থিক দিশত আয়–ব্যয় প্রায় সমান৷ প্রেমত বন্ধুৰ সহায় পাব৷ শুভ ৰং ৰঙা, অশুভ ৰং নীলা, শুভ সংখ্যা ৭৷

বৃশ্চিক : আজি ব্যৱসায়িক যিকোনো চুক্তি সম্পাদনৰ ক্ষেত্রত অনুকূল৷ মাতৃৰ শৰীৰ মধ্যম৷ পঢ়া–শুনাত অৱজ্ঞা নকৰিব৷ শুভ ৰং ক্রীম, অশুভ ৰং মেৰুন, শুভ সংখ্যা ৩৷

ধনু : আজি আর্থিকত খৰচ বৃদ্ধি পাব৷ বিদ্যাত যত্ন লোৱা আৱশ্যক৷ দাম্পত্যত চিন্তা থাকিব৷ শৰীৰ অশুভ৷ শুভ ৰং ক’লা, অশুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫৷

মকৰ : আজি কর্মতৎপৰতা থাকিব৷ শৰীৰ মধ্যম৷ বিবাহৰ কথাত আগবাঢ়িব পাৰে৷ ব্যৱসায়ত ভবা মতে ফল নাপাব৷ শুভ ৰং হালধীয়া, অশুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷

কুম্ভ : আজি খোৱা–বোৱাত সাৱধান থাকিব৷ ব্যৱসায়ত আয় বৃদ্ধিত বাধা পাব৷ সন্তানৰ বাবে চিন্তা৷ মাতৃৰ শুভ৷ প্রেমত শুভ৷ শুভ ৰং গুলপীয়া, অশুভ ৰং কমলা, শুভ সংখ্যা ৬৷

মীন : আজি প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ বিদ্যাত শুভ৷ ৰাজনীতিত সতর্ক হৈ থাকিব৷ ঘৰুৱা দিশত মধ্যম৷ প্রেমত সন্দেহ৷ শুভ ৰং সোণালী, অশুভ ৰং ক’লা, শুভ সংখ্যা ৮৷

You might also like