২০ হাজাৰ বিদেশী কৰ্মীক ১৪ দিনৰ কোৱাৰেণ্টাইন
নিয়মীয়া বাৰ্তা,৭ এপ্ৰিলঃ ছিংগাপুৰত ২০ হাজাৰ বিদেশী কৰ্মীক আৱাসিক স্থানতেই ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখাৰ নিৰ্দেশ দিয়া আছে। বিশ্বৰ সমৃদ্ধিশালী চহৰ ছিংগাপুৰত মাৰাত্মক ক’ৰোনা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চৰকাৰে বিদেশী কৰ্মীসকলৰ ওপৰত নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰিছে। ইতিমধ্যে বিদেশী কৰ্মীৰ দুটাকৈ আৱাসিক কেন্দ্ৰত সম্পূৰ্ণৰূপে বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এই আৱাসিক কেন্দ্ৰ দুটাৰ ১৩,০০০ কৰ্মী থকাৰ বিপৰীতে আনটোত ৬,৮০০ কৰ্মী আছে। এই কৰ্মীসকলৰ ৯১গৰাকী ইতিমধ্যে মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে উল্লেখনীয় যে দক্ষিণ-পূৱ এছিয়াৰ বিভিন্ন দেশৰ পৰা নিৰ্মাণ শ্ৰমিক হিচাপে ছিংগাপুৰত আহি উপস্থিত হৈছিল এই লোকসকল।