নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানত সোমালে এজনো নাবাচিব মার্কিন সেনা, ইৰানী সেনাপ্রধানৰ হুমকি

ডিজিটেল ডেস্ক, ৩ এপ্রিল : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ নির্দেশত মধ্যপ্রাচ্যত উপস্থিত হৈছে প্রায় ৩,৫০০ৰো অধিক মার্কিন সেনা৷ ইৰানত অন্তিম আঘাত হানিবলৈ এইবাৰ স্থল অভিযান চলাব ৱাশ্বিংটনে৷ সম্প্রতি তাৰ পূর্ণ প্রস্তুতি চলাই আছে পেণ্টাগনে৷

এনে পৰিস্থিতিত বৃহস্পতিবাৰে ইৰানৰ সেনাপ্রধান আমীৰ হাতামীয়ে উভতি ধৰি হুমকি দিছে– ‘আমাৰ ভূখণ্ডত প্রৱেশ কৰিলে এজনো শত্রু সৈন্য নাবাচিব৷’ ইৰানত মোক্ষম আঘাত হানিবলৈ ‘জলদানৱ’ ইউএছএছ ট্রিপলীক মধ্যপ্রাচ্যলৈ পঠিয়াইছে আমেৰিকাই৷ জানিব পৰা মতে সেইখনত আছে প্রায় ২,৫০০ নৌসেনা৷ ছেটেলাইট ইমেজৰ পৰা পোৱা তথ্য অনুসৰি, এসপ্তাহ পূর্বে মার্কিন বিমানবাহী যুদ্ধ জাহাজ ইউএছএছ ট্রিপলীক দক্ষিণ চীন সাগৰৰ পৰা মধ্যপ্রাচ্য অভিমুখে ৰাওনা হোৱা দেখা গৈছে৷ তাৰ লগতে দেখা গৈছে আৰু দুখন যুদ্ধ জাহাজ৷

সূত্রৰ খবৰ মতে, ইতিমধ্যে গন্তব্য স্থান পাইছে ট্রিপলী৷ অৱশ্যে ইৰানত মার্কিন সেনাৰ প্রৱেশৰ বিষয়টো এতিয়াও নিশ্চিত কৰা নাই ট্রাম্পে৷ শেষ মুহূর্তৰ পৰিস্থিতিৰ পর্যালোচনা চলি আছে বুলি জানিব পৰা গৈছে৷ এনে পৰিকল্পনাৰ দুদিন পূর্বে ইৰানৰ ইছলামিক গার্ড কর্পছে হুমকি দিছিল– ‘আহক, আমি আপোনালোকৰ অপেক্ষাতে আছোঁ৷’

এইবাৰ স্থলপথেৰে মার্কিন আক্রমণৰ বিষয়ে সেনাপ্রধান আমীৰ হাতামীয়ে দেশখনৰ চৰকাৰী সংবাদ মাধ্যমত মন্তব্য কৰে যে যদি মার্কিন সেনাই ইৰানত প্রৱেশ কৰে তেন্তে আক্রমণকাৰীৰ এজনো নাবাচিব৷ লগতে তেওঁ জোৰ দি কয় যে সকলো ধৰণৰ আক্রমণৰ বাবে তেহৰান প্রস্তুত আছে৷ হাতামীৰ ভাষাত– ‘আমাৰ দেশৰ পৰা যুদ্ধৰ ক’লীয়া ডাৱৰ আঁতৰাব লাগিব৷ সকলোৰে নিৰাপত্তা নিশ্চিত কৰিব লাগিব৷ এটা স্থান নিৰাপদে থাকিব আৰু আনটো নাথাকিব সেয়া হ’ব নোৱাৰে৷’

ইৰানৰ সেনাপ্রধানৰ এই হুমকিয়ে বিশেষ তাৎপর্য বহন কৰিছে৷ আমেৰিকাই বিভিন্ন প্রকাৰে আক্রমণ চলাই অৱশেষত স্থলসেনা মোতায়েন কৰাৰ সিদ্ধান্ত লোৱাত এই হুমকি বিশেষ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷

You might also like