সম্পাদকীয় : জুবিনক লৈ ৰাজনীতি
সমগ্র ৰাজ্যজুৰি এতিয়া নির্বাচনী খদমদম৷ নির্বাচন আয়োগে নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰাই নতুন উদ্যমেৰে আৰম্ভ হোৱা নির্বাচনী তৎপৰতা যিমানেই নির্বাচনৰ দিন চমু চাপি আহিছে সিমানেই বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে৷ চলিত মাহতেই দেশৰ চাৰিখন ৰাজ্য আৰু এখন কেন্দ্রীয়শাসিত অঞ্চলৰ বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাৰ লগতে কেইবাখনো ৰাজ্যত উপ–নির্বাচনো অনুষ্ঠিত হ’ব৷ স্বাভাৱিকতেই ই কেৱল সংশ্লিষ্ট ৰাজ্যসমূহৰ ৰাজনীতিৰ বাবেই গুৰুত্বপূর্ণ হৈ থকা নাই, ৰাষ্ট্রীয় প্রেক্ষাপটতো ই বিশেষ মাত্রা লাভ কৰিছে৷ ফলত প্রতিখন ৰাজ্যতে ৰাষ্ট্রীয় আৰু আঞ্চলিক দলসমূহে নিজৰ নিজৰ দলীয় স্থিতি অনুসৰি নির্বাচনী তৎপৰতা আৰম্ভ কৰা দেখা গৈছে৷ বাদ পৰি ৰোৱা নাই নির্দলীয় প্রাৰ্থীসকলো৷ দলীয় নেতা–কৰ্মীসকলৰ লগতে সাধাৰণ নাগৰিকসকলৰ মাজতো নির্বাচনী বতাহ বলাটো তেনেই স্বাভাৱিক কথা৷ প্রতিটো দলেই নিজা নিজা নির্বাচনী ইস্তাহাৰ প্রকাশ কৰিছে৷ নির্বাচনী প্রচাৰ সভা অনুষ্ঠিত কৰিছে৷ ৰাষ্ট্রীয় দলসমূহে নিজৰ নিজৰ বিয়াগোম নেতাসকলক নির্বাচনী সভাত ভাষণ দিবলৈ আমন্ত্রণ কৰি আনি নিজৰ ফালে নির্বাচনী বতাহ বলোৱাৰ চেষ্টা কৰিছে৷ আঞ্চলিক দলসমূহেও বহিঃৰাজ্যৰ সমভাবাপন্ন আন দলৰ নেতাক আমন্ত্রণ কৰি আনিছে৷ প্রতিটো দলৰ ফালৰ পৰা সভা–সমিতি, সামাজিক মাধ্যম, বৈদ্যুতিন মাধ্যম, ছপা মাধ্যম, বিজ্ঞাপন আদিৰ জৰিয়তে নিজৰ নিজৰ দলীয় প্রতিশ্রুতি বা বক্তব্য প্রকাশ কৰি সাধাৰণ ৰাইজক আকর্ষিত কৰিব পৰাকৈ প্রচাৰ চলাইছে৷ স্থানীয় বা ৰাষ্ট্রীয় আনকি আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটৰ বিভিন্ন বিষয়ে তাত ঠাই পাইছে৷ এই প্রক্রিয়াতে খেনোৱে আকৌ ঢৌতে খৰ মাৰি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে উঠি-পৰি লাগিছে৷ খেনোৱে আপোনাৰ নাক কাটি সতিনীৰ যাত্রা ভংগ কৰাৰো চেষ্টা কৰিছে৷ মুঠতে যেনে–তেনে নির্বাচনী লাভ উঠাব লাগে৷ এইবোৰে বহুতো সচেতন ভোটাৰৰ মাজত আমোদৰো খোৰাক দিছে৷ কিন্তু তাৰ মাজতে কোনো দলৰ কিছুমান কার্যই সাধাৰণ ভোটাৰক ব্যথিতও কৰিছে৷
অসমত তেনে এটি বিষয় হ’ল অসমবাসীৰ প্রাণৰ শিল্পী জুবিন গার্গক লৈ ৰাজনীতি কৰাৰ প্রয়াস কৰাটো৷ যোৱা ১৯ ছেপ্টেম্বৰত সুদূৰ ছিংগাপুৰৰ পৰা আকস্মিকভাৱে অহা আটাইৰে হূদয় মুচৰি নিয়া দুঃখজনক বাতৰিটোৱে আজিও প্রতিজন অসমবাসীৰ হিয়া দহি আছে৷ আটায়ে আন্তৰিকতাৰে বিচাৰিছে জুবিন গার্গে ন্যায় পাওক৷ চৰকাৰেও ইতিমধ্যে খৰতকীয়াকৈ তদন্ত কৰি অভিযোগনামাও দাখিল কৰিছে৷ সেইমর্মে বিচাৰ প্রক্রিয়াও আৰম্ভ হৈছে৷ প্রতিজন জুবিন অনুৰাগীয়ে বিচাৰৰ ফলাফললৈ উদগ্রীৱ হৈ অপেক্ষা কৰি আছে৷ এই ন্যায়িক প্রক্রিয়াটো লেহেমীয়া হ’ব পাৰে বুলি আশংকা কৰি বহুতেই, জুবিন গার্গৰ পত্নী গৰিমা শইকীয়া গার্গ আৰু পৰিয়ালৰ আন সদস্যসকলেও ফাষ্টট্ৰেক আদালতত বিচাৰ চলোৱাৰ দাবী তোলাত তাৰ বাবেও চৰকাৰে ন্যায়ালয়ত আবেদন জনায় আৰু সেইমর্মে ফাষ্টট্ৰেক আদালত গঠন হোৱাৰ লগতে বিচাৰ প্রক্রিয়াও আৰম্ভ হয়৷ ইতিমধ্যে নির্বাচন আহি দুৱাৰডলি পালে৷ এই সুযোগতে ছল চাই কঠীয়া পাৰিবলৈ একাংশ ৰাজনৈতিক দলে জুবিন গার্গ সন্দর্ভত অসমৰ জনসাধাৰণৰ আৱেগৰ সুযোগ লৈ ৰান্ধনী উচটাই জোল খোৱাৰ পাং পতা দেখিবলৈ পোৱা গৈছে৷ যিহেতু জুবিন অনুৰাগীৰ সৰহসংখ্যকেই যুৱপ্রজন্মৰ লোক আৰু ভোটাৰসকলৰো সিংহভাগেই যুৱক–যুৱতী, সেইবাবে জুবিন গার্গ সন্দর্ভত তেওঁলোকৰ অমলিন আৱেগক ৰাজনৈতিক অস্ত্রলৈ ৰূপান্তৰ কৰাৰ বাবে পৰিৱেশ ৰচনা কৰিবলৈ যেন উঠি-পৰি লাগিছে৷ নির্বাচনী ইছ্যু কৰি ল’বলৈ ৰাজ্য এখনত বিভিন্ন বিষয় থাকিব পাৰে, মাথোঁ বিচাৰি উলিয়াব পাৰিব লাগে৷ কিন্তু তাত বেছি গুৰুত্ব প্রদান কৰাৰ সলনি ৰাইজৰ আৱেগক সহজ লক্ষ্য কৰি লোৱাটো সকলোৰে নজৰত পৰিছে৷
জুবিন গার্গৰ প্রতি সকলো শ্রেণীৰ ৰাইজৰ গভীৰ আৱেগক ৰাজনৈতিক হাতিয়াৰলৈ ৰূপান্তৰিত কৰি নির্বাচন জিকাৰ কৌশল অৱলম্বন কৰি লোৱাটোক লৈ সেইবাবেই সর্বত্র বিতর্কৰ সূত্রপাত হৈছে৷ এইবাৰৰ নির্বাচনী ইস্তাহাৰত ১০০ দিনৰ ভিতৰত জুবিনক ন্যায় দিয়া, তিনি মাহৰ ভিতৰত জুবিনক্ষেত্র আটকধুনীয়াকৈ নির্মাণ কৰা আদি প্রতিশ্রুতি যদি কোনোবাটো দলে দিছে, তেন্তে আন কোনোবাটো দলে আকৌ নতুনকৈ জুবিন হত্যাৰ চার্জশ্বীট দাখিল কৰা, দোষীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া আদি প্রতিশ্রুতি দিয়া দেখা গৈছে৷ জুবিনক ন্যায় যে কেৱল ন্যায়ালয়েহে দিব পাৰিব, সেই কথা জানি–বুজিও সাধাৰণ নাগৰিকক আভুৱা–ভাঁৰিবলৈহে যে এনে অসংগত প্রতিশ্রুতি দিয়া হৈছে, সেই কথা আজিৰ সচেতন নাগৰিকে নুবুজাকৈ থকা নাই৷ সেইবাবে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গক এনেদৰে ৰাজনৈতিক ক্রীড়ন সজোৱাটোক বহুতেই ভাল পোৱা নাই৷ সামাজিক মাধ্যম বা সংবাদ মাধ্যমযোগে অনেকেই এই সন্দর্ভত নিজৰ নিজৰ অসন্তুষ্টি প্রকাশ কৰা দেখিবলৈ পোৱা গৈছে৷ আনকি শোকসাগৰত বুৰ গৈ থকা জুবিন পত্নী গৰিমা শইকীয়া গার্গেও জুবিনক লৈ ৰাজনীতি নকৰিবলৈ কাবৌ কৰিবলগীয়া হৈছে৷ ‘ৰাজনীতি নকৰিবা বন্ধু’ বুলি কোৱা জুবিনক লৈ ৰাজনীতি কৰিবলৈ লোৱাটো নিশ্চয়কৈ দুর্ভাগ্যজনক৷ সেইবুলি জুবিন নিজেই কোনো অৰাজনৈতিক ব্যক্তিও নাছিল৷ তেওঁৰ ৰাজনীতি আছিল যিকোনো সংকীর্ণতাৰ ঊর্ধ্বত মানুহৰ ৰাজনীতি, নাছিল কোনো দলীয় বান্ধোন৷ সামূহিক কল্যাণ আছিল তেওঁৰ নীতি৷ তেওঁৰ ৰাজনীতি আছিল আদর্শৰ, নাছিল কোনো দলীয় পৰিসীমাত আবদ্ধ৷ সেইবাবেই তেওঁ প্রায় প্রতিটো দলকেই মুক্তকণ্ঠে সমালোচনা কৰিব পাৰিছিল৷ কোনোবাটো দলে ভাল কাম কৰিলে তাকো প্রশংসা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ তেওঁ সকলো কথা আঁৰ–বেৰ নোহোৱাকৈ কৈ দিছিল৷ সেইবাবে জীৱিত কালত বহুতেই তেওঁক বেয়া পাইছিল আৰু কটু সমালোচনাও কৰিছিল৷ কিন্তু যিসকলে সেই সময়ত তেওঁক সমালোচনা কৰিছিল, আজি তেওঁলোকেই জুবিনপ্রীতিত গদ্গদ্৷ অৱশ্যে জীৱিত কালত কিবা কথাত বেয়া পালেও মৃত্যুৰ পিছত তাক ধৰি নথকাটো মহৎ গুণৰে পৰিচায়ক৷
পিছে তেওঁৰ মৃত্যুত সমগ্র অসমতে সৃষ্টি হোৱা অভূতপূর্ব আৱেগক ৰাজনীতিৰ হাতিয়াৰ কৰি ল’বলৈ ৰাজনৈতিক দলসমূহে জুবিনক নির্বাচনী প্রচাৰৰ মাজলৈ টনা–আঁজোৰা কৰাৰ পৰা আঁতৰত ৰাখিব লাগিছিল৷ কিন্তু তাৰ সলনি জুবিনৰ নাম লৈ নির্বাচনী লাভালাভ আদায়ৰ কৌশল ৰচনা কৰাটো দুর্ভাগ্যজনক৷ জুবিনৰ প্রতি প্রেম সকলোৰে আছে, থাকিবই৷ বিদেশত সংঘটিত হোৱা দুর্ভাগ্যজনক ঘটনাটো কিয় আৰু কেনেকৈ হ’বলৈ পালে, কিবা ষড়যন্ত্র নে কাৰোবাৰ গাফিলতিৰ বাবে এনে হ’বলৈ পালে সেয়াও পোহৰলৈ আহিব লাগিব৷ কোনোবা তাৰ বাবে দোষী সাব্যস্ত হ’লে তেওঁ উচিত শাস্তি পাবই লাগিব৷ এই কামখিনি কৰিব পাৰিব একমাত্র ন্যায়ালয়ে৷ তাৰ প্রক্রিয়াও চলি আছে৷ তাৰ বাবে নিশ্চয় ধৈর্য ধৰিব লাগিব৷ তদুপৰি ৰাজনৈতিক দল বা আন সংগঠনসমূহে জুবিনৰ স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায় তাৰ পৰামর্শ দি চৰকাৰৰ সৈতে সহযোগিতা কৰিলেহে এটা ভাল কাম হ’ব পাৰে৷ কিন্তু সকলোৱে নিজাববীয়াকৈহে ভাল কিবা এটা কৰাৰ বাবে প্রক্ষেপ কৰি থাকিলে ষোল্ল অনাই ভাল কাম এটা হয়তো নহ’বও পাৰে৷ যিহেতু জুবিন সকলোৰে, সেইবাবে এইক্ষেত্রত সকলোৱে সহযোগিতা কৰাটোহে বাঞ্ছনীয়৷ ইয়াত কাৰো ৰাজনৈতিক স্বার্থ ৰখা উচিত নহয়৷