নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰাজয়ৰ পিছত খেলপথাৰতে অধিনায়ক পণ্টৰ ওপৰত খর্গহস্ত গোৱেংকা

লক্ষ্ণৌত পুৰণি ঘটনাৰ পুনৰাবৃত্তি

ডিজিটেল ডেস্ক, ৩ এপ্রিল : আকৌ একেখন ছবি৷ পুৰণি ঘটনাৰ পুনৰাবৃত্তি৷ চলিত আইপিএলত বুধবাৰে নিশা দিল্লী কেপিটেলছৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ পৰাজয়ৰ পিছত খঙত অগ্নিশর্মা হয় লক্ষ্ণৌ দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকা৷ পুনৰ খেলপথাৰত অধিনায়কক ককর্থনা৷ কেৱল বিপৰীত চৰিত্রটোহে সলনি হ’ল৷ বিগত বছৰ লোকেশ ৰাহুল আছিল৷ এইবাৰ ঋষভ পণ্ট৷ লগত আছিল প্রশিক্ষক জাষ্টিন লেংগাৰ৷

বুধবাৰে দিল্লী কেপিটেলছৰ হাতত ৬ উইকেটত পৰাস্ত হোৱাৰ পাছত সঞ্জীৱ গোৱেংকাই পুনৰ ৰাজহুৱাভাৱে দলৰ অধিনায়ক আৰু প্রশিক্ষকৰ ওপৰত ক্ষোভ প্রকাশ কৰে, তাকো খেলপথাৰত থিয় হৈ কেমেৰাৰ সন্মুখত৷ প্রথমে বেটিং কৰি লক্ষ্ণৌৱে মাত্র ১৪১ ৰান সংগ্রহ কৰে৷ সমীৰ ৰিজভি আৰু ড্রিষ্টান ষ্টাবছে দিল্লীক জয়ৰ লক্ষ্যলৈ লৈ যায়৷ লক্ষ্ণৌ পৰাস্ত হোৱাৰ পিছত এটা ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত৷ তাত অধিনায়ক পণ্ট আৰু প্রশিক্ষক লেংগাৰে গোৱেংকাৰ সৈতে আলোচনা কৰা দেখা যায়৷ পণ্টক যথেষ্ট লাজ পোৱা যেন লাগিল৷ লেংগাৰেও আলোচনাৰ লগত জড়িত হৈ পৰিল৷ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল৷ নিমিষতে পোহৰলৈ আহিল এবছৰ আগৰ কাহিনী৷

২০২৪ চনত ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হোৱাৰ পিছত খেলপথাৰত থিয় হৈ লোকেশ ৰাহুলক ৰাজহুৱাভাৱে ককৰ্থনা কৰা দেখা গৈছিল গোৱেংকাই৷ সেই অতীত পুনৰ ঘূৰি আহিল৷ লক্ষ্ণৌৰ অধিনায়কগৰাকীয়ে এই পৰাজয়ক লৈ হতাশা প্রকাশ কৰে৷ পণ্টে কয়- ‘যেতিয়া আপুনি ১৪০ ৰান কৰে, তেতিয়া আপুনি জয়ী হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব৷ এনে পৰিস্থিতিত স্বাভাৱিক ক্রিকেট খেলিলে প্রতিপক্ষই জয়ী হ’ব৷ পাৱাৰ প্লে’ত যদি কেইটামান উইকেট পায় তেন্তে বিপক্ষৰ ওপৰত হেঁচা আহিলহেঁতেন৷’ পণ্টে এই পৰাজয়ৰ বাবে বেটাৰসকলক দোষাৰোপ কৰে৷

লক্ষ্ণৌৰ অধিনায়কগৰাকীয়ে কয় যে আৰম্ভণিতে বলাৰসকলে উইকেটৰ পৰা কিছু সহায় পাইছিল৷ কিন্তু বেটাৰৰ গাফিলতিৰ বাবে এই লোকচান হৈছিল৷ পণ্টে কয়- ‘বলাৰসকলে নতুন বলত কিছু সহায় পালে৷ কিন্তু আমি বেটিঙত যুটি গঢ়ি তুলিব পৰা নাছিলোঁ৷ ৰান বেছি নহ’লে কিছু সিদ্ধান্ত ল’ব লগা হয়৷ আইপিএলৰ প্রথমখন মেচত উন্নত বেটিং প্রদর্শন দাঙি ধৰাত ব্যর্থ হয় পণ্ট৷ কিন্তু তেওঁ বিষয়টোক বিশেষ গুৰুত্ব দিব নিবিচাৰে৷ দিল্লীৰ মেচখন পাহৰি আগলৈ চাব বিচাৰে বুলিও অধিনায়কগৰাকীয়ে কয়৷

You might also like