সম্পাদকীয় : এক নির্বাচনীয় চিন্তা
‘… জাতত মই বৰকলিতা৷ মই কামৰূপী৷ অসমীয়া পাছৰ কথা৷’
বিধানসভা নির্বাচনক লৈ এতিয়া গোটেইখন ৰাজ্য উত্তাল হৈ আছে৷ শাসক–বিৰোধী সকলো পক্ষই ভোটাৰক নিজৰ পক্ষলৈ আনিবলৈ সজোৰে বিশাল আৰু ব্যাপক প্রচাৰ চলাই আছে৷ এই প্রচাৰৰে এক অভিন্ন অংগ হৈ পৰিছে ছ’চিয়েল মিডিয়া৷ বাস্তৱ ক্ষেত্রত এতিয়া দুখন যুঁজ চলি আছে৷ এখন নগৰে–চহৰে, গাঁৱে–ভূঞে শাসক–বিৰোধীৰ নির্বাচনী প্রচাৰৰ যুঁজ৷ আৰু আনখন প্রচাৰৰ যুঁজ চলিছে সামাজিক মাধ্যমত৷ অর্থাৎ ছ’চিয়েল মিডিয়া৷ যিহেতু এতিয়া ছ’চিয়েল মিডিয়াই সর্বস্তৰৰ মানুহক আকর্ষণ কৰে, অথবা সর্বস্তৰৰ মানুহে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে, সেয়ে এই ছ’চিয়েল মিডিয়া প্লেটফর্মক প্রচাৰৰ এক অন্যতম আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে প্রায় সকলো ৰাজনৈতিক দলেই৷ স্বাভাৱিকতেই এই ছ’চিয়েল মিডিয়াতো ৰাজনৈতিক আনুগত্যক লৈ দুটা ফৈদৰ সৃষ্টি হৈছে৷ অভিনৱ চিন্তাৰ প্রচাৰশৈলীৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী ভোটাৰক আকর্ষণ কৰাৰ বাবে ৰাজনৈতিক দলসমূহে সামাজিক মাধ্যমৰ প্লেটফর্মসমূহক ব্যৱহাৰ কৰিছে৷ আৰু এনে প্রচাৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী এক বিশাল অংশক আকর্ষণ আৰু প্রভাৱিত কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে৷ বিশেষকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী তৰুণ প্রজন্ম এই ৰাজনৈতিক প্রচাৰৰ বৃত্তত ঘনিষ্ঠভাৱে সাঙোৰ খাই পৰিছে আৰু তেওঁলোকে সজোৰে তেওঁলোকৰ মতামত প্রকাশ কৰিছে৷ সহজ অর্থত তেওঁলোকে ছ’চিয়েল মিডিয়াত মতামত প্রকাশৰ যোগেৰেই তেওঁলোকে ভাল পোৱা ৰাজনৈতিক দলৰ প্রতি আনুগত্য প্রকাশ কৰিছে৷ যিহেতু সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ গৰিষ্ঠসংখ্যকেই তৰুণ প্রজন্মৰ লোক, সেয়ে ৰাজনৈতিক দলসমূহেও ভোটাৰৰ এক বুজন অংশৰ দখল কৰা এই প্রজন্মক আকর্ষণ কৰাৰ বাবে সুপৰিকল্পিতভাৱে ছ’চিয়েল মিডিয়াৰ প্লেটফর্ম ব্যৱহাৰ কৰিছে৷ ২০২৪ চনৰ এক পৰিসংখ্যা মতে, অসমত প্রায় ২.৫ নিযুত লোকে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে৷ ইয়াৰে ৯৪ শতাংশই হোৱাটছআপ আৰু ৭৪ শতাংশই ফেচবুক ব্যৱহাৰ কৰে৷ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী অসমৰ এই লোকসকলৰ ৬৯ শতাংশই তৰুণ প্রজন্মৰ৷ তৰুণ প্রজন্মৰ অধিকাংশই হোৱাটছআপ আৰু ফেচবুক ব্যৱহাৰ কৰাৰ উপৰি ২৫ শতাংশই ইনষ্টাগ্রাম আৰু ৪.১৭ শতাংশই এক্স হেণ্ডেল ব্যৱহাৰ কৰে৷ এই পৰিসংখ্যাৰ পৰাই বুজা যায় যে ৰাজ্যখনৰ তৰুণ প্রজন্মৰ এক বিশাল অংশ সামাজিক মাধ্যমৰ সৈতে ওতপ্রোতভাৱে জড়িত৷ এই তৰুণ প্রজন্মৰ স্বাধীন মত প্রকাশৰ এক অন্যতম কণ্ঠই হ’ল ছ’চিয়েল মিডিয়া৷ ফেচবুককে আদি কৰি আন ছ’চিয়েল মিডিয়া প্লেটফর্মসমূহত তৰুণ প্রজন্মৰ অভিনৱ চিন্তা–চেতনা প্রকাশ পাই আহিছে৷ তেওঁলোকে এই প্লেটফর্মসমূহতে স্পষ্ট মতামতেৰে বিভিন্ন সামাজিক আৰু ৰাজনৈতিক বিতর্কতো খোলাখুলিভাৱে অংশ লৈ আহিছে৷
যিহেতু এতিয়া অসমত বিধানসভা নির্বাচনৰ বতৰ, সেয়ে স্বাভাৱিকতে যোৱা কিছুদিনত অসমৰ ছ’চিয়েল মিডিয়াত ৰাজনৈতিক পোষ্ট আৰু বার্তালাপে সর্বাধিক গুৰুত্ব পাই আহিছে৷ এই ৰাজনৈতিক কথা–বার্তাত নিৰ্দ্বিধাই অংশ লৈছে তৰুণ প্রজন্মই৷ এটা পক্ষই যদি শাসকীয় মিত্রজোঁটক সমর্থন কৰিছে তেন্তে আন কিছু অংশই বিৰোধীৰ পক্ষ লৈছে৷ লক্ষণীয়ভাৱে তৰুণ প্রজন্মৰ এটা চামে শাসক–বিৰোধীৰ কোনোপক্ষ নোলোৱাকৈ তেওঁলোকৰ মতামত দাঙি ধৰি আছে৷ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে তৰুণ প্রজন্মৰ এই ৰাজনৈতিক কথা–বার্তাই এক প্রচ্ছন্ন গভীৰ ৰাজনৈতিক চেতনাৰ ইংগিত বহন কৰিছে৷ অদূৰ ভৱিষ্যতে তৰুণ প্রজন্মৰ এই গভীৰ ৰাজনৈতিক চেতনাই ৰাজ্যখনৰ সুস্থিৰ ৰাজনৈতিক ভেটি গঢ়াৰ পৰিকাঠামো নির্মাণ কৰিব৷ এই সুস্থ ৰাজনৈতিক বিতর্কৰ মাজতে কিন্তু এচামৰ লেকাম ছিগা কথা–বার্তা আৰু পোষ্টে কেৱল ছ’চিয়েল মিডিয়াৰ প্লেটফর্ম কলুষিত কৰাই নহয়, ভৱিষ্যতে জাতি ভঙাৰ কামো কৰিছে৷ একেবাৰে প্রথমতে উল্লেখ কৰা বাক্যকেইশাৰী জাতিৰ মাজত বিভেদ সৃষ্টি কৰাৰ এনে এক জঘন্য অপকর্ম৷ উল্লেখ্য যে ফেচবুকৰ এক ৰাজনৈতিক পোষ্টত অংশ লৈ বিতর্কিত এই মন্তব্য কৰা লোকজন অসমৰে সাংস্কৃতিক ক্ষেত্রৰ এজন নেতৃস্থানীয় লোক৷ যি সময়ত চৰকাৰ আৰু আন জাতীয় অনুষ্ঠানসমূহে অসমীয়া জাতিক একগোট কৰি এক বৰঅসম গঢ়াৰ দিশে দৃঢ় পদক্ষেপ লৈছে সেই সময়ত নেতৃস্থানীয় লোকৰ সামাজিক মাধ্যমত এনে জাতি বিভেদকামী মন্তব্যই সুদূৰ প্রভাৱ পেলোৱাৰ থল আছে৷ একো একোটা নির্বাচন আহিব আৰু যাব৷ কিন্তু আমি নির্বাচনৰ গইনা লৈ অথবা নির্বাচনত আমাৰ ৰাজনৈতিক পছন্দক লৈ ছ’চিয়েল মিডিয়াত এনে কিছু দূষিত বায়ু এৰি দিব নালাগে, যাতে এই বায়ুয়ে জাতিটোৰ বায়ুমণ্ডলকে বিষময় কৰি তুলিব৷ বিশেষকৈ জ্যেষ্ঠজন অথবা সাংস্কৃতিক–সামাজিক ক্ষেত্রত বিশেষভাৱে জড়িত হৈ থকাসকলে এনে বিভেদকামী মন্তব্য কৰাটো কেৱল গুৰুতৰ অপৰাধেই নহয়, জাতিটোৰ বাবেও অত্যন্ত উদ্বেগজনক আৰু দুর্ভাগ্যজনক৷ উল্লিখিত বাক্যকেইশাৰী এটা উদাহৰণহে মাত্র৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাজনৈতিক পক্ষপাতিত্বক লৈ এচামে শালীনতাৰ সকলো সীমা অতিক্রমি মন্তব্য কৰা দেখা গৈছে৷ এটা নির্বাচন যেনেকৈ এখন সর্বাংগ সুন্দৰ বিকশিত অসম গঢ়াৰ জখলা হ’ব পাৰে, তেনেদৰে ছ’চিয়েল মিডিয়াকো আমি প্রগতিশীল অসম গঢ়া তথা সমৃদ্ধিশালী শক্তিশালী জাতি গঢ়াৰ মাধ্যম কৰিব পাৰোঁ৷ আৰু ছ’চিয়েল মিডিয়াত তৰুণ প্রজন্মৰ চেতনাত এই বীজ ৰোপণ কৰাৰ দায়িত্ব ল’ব লাগিব জ্যেষ্ঠজনেই৷