নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পংকজ লোচন গোস্বামী-হিমাংশু শেখৰ বৈশ্যৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি

৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত আপৰ এলভিন বৰুৱা, তৃণমূল কংগ্ৰেছৰ বিকাশ নাথ, প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী যতীন মালী, জয়ন্ত মহন্ত প্ৰমুখ্যে কেইবাগৰাকীও প্ৰাৰ্থীয়ে পলাশবাৰীৰ নিৰ্বাচনী ৰণক্ষেত্ৰত অৱতীৰ্ণ হৈছে

আসন্ন বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ প্ৰতিটো সমষ্টিত শাসক-বিৰোধী দলৰ প্ৰাৰ্থীসকলে চলাই থকা প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰে। ২৯নং পলাশবাৰী বিধানসভা সমষ্টিত আজি বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত অজাপ প্ৰাৰ্থী পংকজ লোচন গোস্বামীয়ে ৰামপুৰৰপৰা ছয়গাঁৱলৈ এটা বৃহৎ বাইক ৰেলী উলিয়ায়।

সাত কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ বাইক ৰেলীটোত পাঁচ সহস্ৰাধিক বাইক আৰু অন্যান্য চাৰিচকীয়া বাহনেৰে সমৰ্থকসকল অংশগ্ৰহণ কৰে। অসম জাতীয় পৰিষদৰ লগতে বিৰোধী ঐক্যমঞ্চৰ ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাইজৰ দল, চি পি আই (এম)ৰ সমৰ্থকসকলে প্ৰাৰ্থী পংকজ লোচন গোস্বামীক শোভাযাত্ৰাত সংগ দিয়ে।

বাইক ৰেলীত অংশগ্ৰহণ কৰা সমৰ্থকসকলে আৰ্দ্ৰভূমি দৰাবিল আৰু গো-চৰণীয়া পথাৰ সুৰক্ষা দিয়াকে ধৰি পলাশবাৰী সমষ্টিৰ মাটি-ভেটি সুৰক্ষা দিয়াৰ স্বাৰ্থত বিভিন্ন শ্লোগানেৰে প্ৰাৰ্থী পংকজ লোচন গোস্বামীৰ বিজয় কামনা কৰে।

আজিৰ বিশাল ৰেলীটোৱে সুবিধাজনক অৱস্থাত থকা এন ডি এ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ বাবে প্ৰবল প্ৰত্যাহ্বান হৈ উঠিব পাৰে বুলি সমষ্টিটোৰ ভোটাৰৰ মাজত ব্যাপক আলোচনা হোৱা দেখিবলৈ পোৱা গৈছে।

আনহাতে, বিজেপি দলৰ প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যয়েও আজি এটা বিশাল ৰেলীৰে ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ যত্ন কৰে। উল্লেখযোগ্য যে ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত আপৰ এলভিন বৰুৱা, তৃণমূল কংগ্ৰেছৰ বিকাশ নাথ, প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী যতীন মালী, জয়ন্ত মহন্ত প্ৰমুখ্যে কেইবাগৰাকীও প্ৰাৰ্থীয়ে পলাশবাৰীৰ নিৰ্বাচনী ৰণক্ষেত্ৰত অৱতীৰ্ণ হৈছে।

নিয়মীয়া বাৰ্তা, ৰামপুৰ, ৭ এপ্ৰিল

You might also like