বিজেপিয়ে শুকুৰবাৰে (১০ এপ্ৰিল ২০২৬) নিজৰ নিৰ্বাচনী ঘোষণা-পত্ৰ প্ৰকাশ কৰিছে, যাক “ভৰসাৰ শপত পত্ৰ” নামেৰে অভিহিত কৰা হৈছে। এই ঘোষণা-পত্ৰটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰে। এই উপলক্ষে দলটোৱে কয় যে এই দস্তাবেজ পশ্চিমবংগৰ জনসাধাৰণৰ বাবে এক ভৰসাৰ দলিল, য’ত জনতাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত কৰা হৈছে।
সভাৰ সময়ত অমিত শ্বাহে উপস্থিত লোকসকলক আদৰণি জনাই কয় যে এই সংকল্প পত্ৰই মানুহক নতুন পথ দেখুৱাব। নিবনুৱা যুৱক-যুৱতী আৰু ভয়ত আতংকিত মহিলাসকলক সাহস যোগাব আৰু মানুহৰ মাজত নতুন আশা আৰু ভৰসা জগাব। তেওঁ কয় যে এই পত্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “বিকশিত ভাৰত”ৰ ৰোডমেপো দাঙি ধৰিব।
দলটোৱে নিৰ্বাচনৰ পূৰ্বে নিজৰ প্ৰচাৰ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই ঘোষণা-পত্ৰ প্ৰকাশ কৰিছে। বিজেপিয়ে এই নিৰ্বাচনক “ভয় বনাম ভৰসা”ৰ যুঁজ হিচাপে উপস্থাপন কৰিছে। দলটোৱে অভিযোগ কৰে যে মমতা বেনাৰ্জীৰ নেতৃত্বত ৰাজ্য চৰকাৰে ভয়ৰ পৰিৱেশত কাম কৰি আছে।
পশ্চিমবংগ নিৰ্বাচনক লৈ ঘোষণা-পত্ৰ প্ৰকাশ কৰাৰ সময়ত অমিত শ্বাহে কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি আগবঢ়ায়। তেওঁ কয় যে অনুপ্ৰৱেশৰ বিষয়ত কঠোৰ নীতি গ্ৰহণ কৰা হ’ব আৰু “জিৰো ট’লাৰেন্স” নীতি অনুসৰণ কৰা হ’ব। ইয়াৰ অধীনত অনুপ্ৰৱেশকাৰী চিনাক্ত কৰা, নাম বাতিল কৰা আৰু পুনৰ পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
তেওঁ লগতে কয় যে ৰাজ্যৰ সকলো চৰকাৰী পেঞ্চনভোগীৰ বাবে মহঙা ভাট্টা (DA) নিশ্চিত কৰা হ’ব। চৰকাৰ গঠন হোৱাৰ ৪৫ দিনৰ ভিতৰত সপ্তম বেতন আয়োগ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতিও আগবঢ়োৱা হৈছে।
মহিলাসকলৰ বাবে প্ৰতিমাহত বেংক একাউণ্টত ৩ হাজাৰ টকা দিয়াৰ ঘোষণা কৰা হৈছে, যাতে তেওঁলোকে আৰ্থিক সহায় লাভ কৰে। স্বাস্থ্য খণ্ডত পশ্চিমবংগত আয়ুষ্মান আঁচনি কাৰ্যকৰী কৰা হ’ব বুলি ঘোষণা কৰা হৈছে। ইয়াৰ উপৰি চৰকাৰ গঠনৰ ছয় মাহৰ ভিতৰত সমান নাগৰিক সংহিতা (UCC) প্ৰৱৰ্তনৰ দিশত কাম কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে।
গৰু সৰবৰাহ ৰোধ কৰিবলৈ সীমান্তসমূহ ছীল কৰাৰ পদক্ষেপ লোৱাৰ কথাও ঘোষণা কৰা হৈছে। নিবনুৱা যুৱসকলক কৰ্মসংস্থান লাভ নোহোৱালৈকে প্ৰতিমাহত ৩ হাজাৰ টকাৰ ভাট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।
মহিলাসকলৰ বাবে ৭৫ লাখ মহিলাক “লাখপতি দিদি” হিচাপে গঢ়ি তোলাৰ লক্ষ্য ধৰা হৈছে। গৰ্ভৱতী মহিলাসকলক ২১ হাজাৰ টকাৰ আৰ্থিক সহায় দিয়াৰ লগতে ৰাজ্যৰ বাছত মহিলাসকলৰ ভ্ৰমণ বিনামূলীয়া কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়োৱা হৈছে।
কৃষকসকলৰ বাবে আলু, ধান আৰু আম খেতিৰ উন্নয়নৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰা হ’ব। চাহ উদ্যোগ শক্তিশালী কৰা আৰু চাহ বাগানসমূহ উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰা হৈছে।
বিজেপিয়ে কলকাতাক বিশ্বমানৰ চহৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈ মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰণ, সেতুসমূহ শক্তিশালী কৰাৰ বাবে বৃহৎ পৰিকল্পনা আগবঢ়াইছে।
আইন-শৃংখলা ক্ষেত্ৰত মমতা বেনাৰ্জী চৰকাৰৰ কাৰ্যকালৰ ওপৰত শ্বেতপত্ৰ প্ৰকাশ কৰাৰ কথাও উল্লেখ কৰা হৈছে। ৰাজনৈতিক হিংসাৰ তদন্তৰ বাবে এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত আয়োগ গঠন কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।
সামগ্ৰিকভাৱে, বিজেপিয়ে নিজৰ সংকল্প পত্ৰৰ জৰিয়তে উন্নয়ন, সুৰক্ষা, কৰ্মসংস্থান আৰু উন্নত শাসনৰ প্ৰতিশ্ৰুতি আগবঢ়াই নিৰ্বাচনী যুঁজক অধিক তীব্ৰ কৰি তুলিছে।
ডিজিটেল ডেস্ক, ১০ এপ্ৰিল