জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্ত শ্যামকানু মহন্তই পুনৰ আদালতত জামিন আবেদন দাখিল কৰিছে। নিজ অধিবক্তাৰ জৰিয়তে শ্যামকানু মহন্তই ফাষ্টট্ৰেক আদালতত এই জামিন আবেদন দাখিল কৰা বুলি জানিব পৰা গৈছে।
বৰ্তমান বাক্সাৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা শ্যামকানু মহন্তই ইয়াৰ পূৰ্বেও এবাৰ জামিন আবেদন দাখিল কৰিছিল যদিও পৰৱৰ্তী সময়ত সেই আবেদন প্ৰত্যাহাৰ কৰিছিল।
উল্লেখযোগ্য যে এই সময়ত ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। এই অৱস্থাত পুনৰ জামিন আবেদন দাখিল কৰাত ঘটনাটোক লৈ নতুনকৈ চৰ্চা আৰম্ভ হৈছে।
শ্যামকানু মহন্তৰ অধিবক্তাই আদালতত দাখিল কৰা এই নতুন জামিন আবেদন সন্দৰ্ভত আদালতে আগন্তুক দিনত শুনানি গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ১০ এপ্ৰিল