নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীভূমি জিলাত অব্যাহত পুনৰ ভোটগ্ৰহণ, কঠোৰ নিৰাপত্তা

শ্ৰীভূমি জিলাৰ এটা ভোটকেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ চলি আছে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯নং বেবীলেণ্ড উচ্চ ইংৰাজী স্কুলত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অব্যাহত আছে।

উল্লেখযোগ্য যে ৯ তাৰিখে অনুষ্ঠিত ভোটগ্ৰহণৰ সময়ত এই ভোটকেন্দ্ৰটোত বুথ কেপচাৰৰ অভিযোগ উত্থাপন হৈছিল। ঘটনাটোক গুৰুত্বসহকাৰে গ্ৰহণ কৰি নিৰ্বাচনী কৰ্তৃপক্ষই উক্ত কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পুনঃভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে কেন্দ্ৰটোত প্ৰশাসনৰ ফালৰ পৰা কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ১১ এপ্ৰিল

You might also like