নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বর্ষৰ পৰা হ’ব মেট্রিকৰ ফলাফলত বৃহৎ সলনি

আগন্তুক শিক্ষা বর্ষৰ পৰা সলনি হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ প্রক্রিয়া৷ কালি পৰীক্ষাৰ ফলাফল ঘোষণাৰ মুহূর্তত এই কথা সদৰী কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে৷

পৰিষদৰ কার্যালয়ত আয়োজিত সংবাদ মেলত অধ্যক্ষ জৈনে কয় যে নতুন শিক্ষানীতি অনুসৰি আগন্তুক বর্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ক্ষেত্রত কিছু সালসলনি কৰা হ’ব৷ আমি এই পৰিৱর্তন যোৱা বছৰে কৰিব লাগিছিল যদিও কিছু কাৰিকৰী অসুবিধাৰ বাবে এই সিদ্ধান্ত কার্যকৰী কৰিব পৰা নাছিলোঁ৷

উল্লেখ্য যে ঘোষিত ফলাফলত পৰিষদে তিনিটা শীর্ষস্থান ঘোষণা কৰিছে৷ কিন্তু অহা বর্ষৰ পৰা শীর্ষস্থানৰ পৰিৱর্তে ‘গ্রেড’ ব্যৱস্থা কার্যকৰী কৰাৰ দিশে আগবাঢ়িছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ৷ অধ্যক্ষ জৈনে কয় যে চিবিএছইৰ আর্হিত পৰিষদে অহা বছৰৰ পৰা স্থানৰ পৰিৱর্তে গ্রেড ব্যৱস্থা প্রৱর্তন কৰাৰ প্রচেষ্টা গ্রহণ কৰিব৷

আমাৰ বাবে এই ব্যৱস্থা কার্যকৰী কৰাত কিছু প্রাৰম্ভিক অসুবিধা হ’লেও গ্রেড ব্যৱস্থা সম্পূর্ণৰূপে ৰূপায়ণ কৰিবলৈ আজিৰে পৰাই সকলো ব্যৱস্থা লোৱা হৈছে৷ অকল সেয়াই নহয়, অহা বর্ষৰ পৰা কম্পার্টমেণ্টেল পৰীক্ষা ব্যৱস্থাও বিলুপ্ত কৰা হ’ব৷

অধ্যক্ষ জৈনে কয় যে অহা বছৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীর্ণ ছাত্র–ছাত্রীয়ে পুনৰবাৰ আটাইকেইটা বিষয়সহ পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷ কোনো ছাত্র–ছাত্রীয়ে যদি নিজৰ ফলাফলত সন্তুষ্ট নহয়, তেন্তে উক্ত ছাত্র–ছাত্রীসকলে নির্দিষ্ট বিষয়ৰ সলনি পুনৰবাৰ আটাইকেইটা বিষয়সহ পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷ নতুন শিক্ষানীতি অনুসৰিয়ে এই ব্যৱস্থা হাতত লোৱা হৈছে৷

আনহাতে সদ্যঘোষিত ফলাফলৰ পাছত উত্তৰবহী পুনৰীক্ষণৰ বাবে ছাত্র–ছাত্রীসকলে অহা ১৩ এপ্রিলৰ পৰা প’র্টেলযোগে আবেদন কৰিব লাগিব৷ অন্তিমবাৰলৈ হ’বলগীয়া কম্পার্টমেণ্টেল পৰীক্ষাৰ বাবে অহা ১৩ এপ্রিলৰ পৰা ২৫ এপ্রিললৈকে ইচ্ছুক ছাত্র–ছাত্রীয়ে sebaregistration.org শীর্ষক অনলাইন প’র্টেলযোগে প্র–পত্র পূৰণ কৰিব লাগিব৷

২৭ এপ্রিললৈকে অনলাইনযোগে পেমেণ্ট প্রদান কৰিব পাৰিব৷ ৩০ এপ্রিলৰ ভিতৰত চালানযোগে ভাৰতীয় ষ্টেট বেংকত পেমেণ্ট ছাত্র–ছাত্রীয়ে দিব পাৰিব৷ তাৰ পিছত অহা মে’ মাহত পৰিষদে কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰিব৷

অৱশ্যে কম্পার্টমেণ্টেল পৰীক্ষাত অৱতীর্ণ হোৱাৰ ক্ষেত্রত কেতবোৰ চর্ত আৰোপ কৰিছে পৰিষদে৷ এই অনুসৰি সর্বাধিক তিনিটা বিষয়ত অনুত্তীর্ণ হোৱা তথা আটাইকেইটা বিষয় মিলি মুঠ ১৭০ নম্বৰ লাভ কৰা ছাত্র–ছাত্রীয়েহে কম্পার্টমেণ্টেল পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ লাভ কৰিব৷

সংবাদ মেলত অধ্যক্ষ জৈনে কয় যে পৰিষদৰ সকলো ব্যৱস্থা সম্প্রতি অনলাইন কৰা হৈছে৷ কোনো শিক্ষানুষ্ঠানে পৰিষদৰ অনুমোদন লাভৰ ক্ষেত্রতো এতিয়াৰে পৰা অনলাইনযোগে আৱেদন কৰিব লাগিব৷ তাৰ পিছতে নির্দিষ্ট নথি পৰীক্ষাৰ অন্তত অনলাইনযোগে উক্ত শিক্ষানুষ্ঠানসমূহে অনুমোদন লাভ কৰিব৷

তদুপৰি পৰীক্ষাত অনুত্তীর্ণ হোৱা শিক্ষার্থীৰ ক্ষেত্রতো বিশেষ গুৰুত্ব পৰিষদে আৰোপ কৰিছে৷ অধ্যক্ষ জৈনে কয় যে প্রতি বছৰেই ৩০–৩৪ শতাংশ ছাত্র–ছাত্রী অনুত্তীর্ণ হৈ আহিছে৷ বহুবাৰ চেষ্টা কৰাৰ পিছতো তেওঁলোকে মেট্রিকৰ ডেওনা পাৰ হ’বলৈ সক্ষম নহয়৷

এই ছাত্র–ছাত্রীসকলৰ ভৱিষ্যতৰ বাবে চিন্তা কৰি পৰিষদে হাইস্কুল পর্যায়ত থকা দক্ষতাভিত্তিক শিক্ষাৰ ওপৰত এতিয়াৰে পৰা অধিক গুৰুত্ব আৰোপ কৰিব৷ প্রায় ২৪টা বিষয় দক্ষতাভিত্তিক পাঠ্যক্রমৰ আধাৰত প্রস্তুত কৰা হৈছে৷ এই বিষয়সমূহ ভালদৰে শিকিলেও উক্ত ছাত্র–ছাত্রীসকলে ভৱিষ্যতে নিজকে এগৰাকী দক্ষ কর্মী হিচাপে বিভিন্ন কামত নিয়োজিত কৰিবলৈ সক্ষম হ’ব৷

ডিজিটেল ডেস্ক, ১১ এপ্রিল

You might also like