নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপ ফুটবলত অংশগ্রহণ কৰিবনে ইৰানে ? ফিফাৰ সভাপতিৰ চাঞ্চল্যকৰ দাবী

ডিজিটেল ডেস্ক, ১৭ এপ্রিল : মধ্যপ্রাচ্যত চলি থকা যুদ্ধ পৰিস্থিতিৰ পৰিৱেশত দীর্ঘদিন ধৰি ফিফা বিশ্বকাপ ফুটবলত ইৰানৰ অংশগ্রহণৰ বিষয়ে অনিশ্চয়তা দেখা গৈছে৷ অৱশ্যে ফিফাৰ সভাপতি জিয়ানি ইনফাণ্টিনোৱে স্পষ্ট কৰি দিছে যে আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত ইৰানে অংশগ্রহণ কৰিব৷ নিজৰ অর্হতাৰ ভিত্তিত বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰিছে ইৰানে৷

ফিফাৰ সভাপতিগৰাকীৰ মতে, ৰাজনৈতিক পৰিস্থিতি যিয়েই নহওক কিয়, তেওঁলোকে নিশ্চিতভাৱে বিশ্বকাপত খেলা উচিত৷ এক সাক্ষাৎকাৰত ফিফাৰ সভাপতিগৰাকীয়ে কয় যে ইৰানে নিশ্চিতভাৱে বিশ্বকাপত অংশগ্রহণ কৰিবলৈ আহিব৷ আশা কৰোঁ, পৰিস্থিতি শান্ত হৈ থাকিব যাতে ইৰানে স্বাভাৱিকভাৱে খেলিব পাৰে৷

ইনফাণ্টিনোৱে লগতে কয়– ইৰান খেলিবলৈ আহিব লাগিব৷ কাৰণ তেওঁলোকে নিজৰ অর্হতাৰ ওপৰত ভিত্তি কৰি বিশ্বকাপৰ টিকট লাভ কৰিছে৷ ইৰানৰ ফুটবলাৰ কেৱল খেলুৱৈ নহয়, তেওঁলোকে দেশখনক প্রতিনিধিত্ব কৰে৷ সেয়েহে তেওঁলোকে বিশ্বৰ মঞ্চত নিজকে প্রমাণ কৰিবলৈ আগ্রহী আৰু প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ সম্পূর্ণৰূপে সাজু৷ এই মুহূর্তত যদিও আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজত যুদ্ধবিৰতি স্থাপন হৈছে, তথাপি উত্তেজনাৰ পৰিস্থিতি সম্পূর্ণৰূপে স্বাভাৱিক হোৱা নাই৷ ফলত বিশ্বকাপত ইৰানৰ অংশগ্রহণৰ অনিশ্চয়তা এতিয়াও সমাধান হোৱা নাই৷ যদিও এতিয়ালৈকে ইৰান চৰকাৰে বিশ্বকাপত খেলিব নোৱাৰাৰ সিদ্ধান্তক লৈ অটল হৈ আছে, তথাপি অহা কেইদিনমানৰ ভিতৰত পৰিস্থিতি শান্ত হ’লে বিষয়টো পুনৰ বিবেচনা কৰা হ’ব পাৰে বুলি খবৰ ওলাইছে৷ এনে পৰিস্থিতিত এএফচিও ইৰানৰ পক্ষত আছে৷

You might also like