নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবৰ এগৰাকী মন্ত্ৰীৰ ঘৰত ED-ৰ তালাচী

পঞ্জাবৰ কেবিনেট মন্ত্ৰী সঞ্জীৱ অৰোৰাৰ বাসগৃহত প্ৰৱৰ্তন নিৰ্দেশালয় (ED)য়ে আজি (১৭ এপ্ৰিল) পুৱা তালাচী চলায়। লুধিয়ানাস্থিত তেওঁৰ বাসগৃহত EDৰ দল উপস্থিত হৈ তালাচী আৰম্ভ কৰাৰ লগতে বাহিৰত কেন্দ্ৰীয় আৰক্ষী বাহিনী মোতায়েন কৰা হয়। সঞ্জীৱ অৰোৰাৰ বাসগৃহৰ উপৰি তেওঁৰ সৈতে জড়িত আন কেইবাটাও স্থানতো তালাচী চলোৱা হৈছে।

সূত্র অনুসৰি, মানী লণ্ডাৰিং সম্পৰ্কীয় এটা পুৰণি গোচৰ আৰু ভূমি লেনদেনত সংঘটিত হোৱা কথিত অনিয়মক লৈ এই অভিযান চলোৱা হৈছে। FEMA আইন অনুসৰি গুৰগাঁও, চণ্ডীগড়, লুধিয়ানা আৰু জলন্ধৰত মুঠ ১৩টা স্থানত তালাচী চলোৱা হৈছে। এই স্থানসমূহৰ ভিতৰত সঞ্জীৱ অৰোৰা, হেমন্ত সূদ আৰু চন্দ্ৰশেখৰ আগৰৱালৰ বাসগৃহ আৰু কাৰ্যালয় অন্তৰ্ভুক্ত আছে।

EDয়ে জনোৱা মতে, ২০২৪ চনতো সঞ্জীৱ অৰোৰাৰ বাসগৃহত তালাচী চলোৱা হৈছিল। সেই সময়ত অভিযোগ উঠিছিল যে অৰোৰা আৰু তেওঁৰ সৈতে জড়িত কিছুমান প্ৰতিষ্ঠানে আৱাসিক প্ৰকল্পৰ বাবে শিল্প ভূমিৰ কথিত অপব্যৱহাৰ কৰি ৰাজ্য চৰকাৰক লোকচান কৰা আৰু অবৈধ ধন উপাৰ্জন কৰাৰ অভিযোগ উঠিছিল।

EDৰ তদন্তত প্ৰকাশ পাইছে যে সঞ্জীৱ অৰোৰাৰ কোম্পানী Hampton Sky Realty Ltd (পূৰ্বে Ritesh Properties)ৰ জৰিয়তে বৃহৎ পৰিসৰত ৰিয়েল ইস্টেট আৰু অৱকাঠামোগত প্ৰকল্পত বিনিয়োগ কৰা হৈছিল। কিন্তু এই বিনিয়োগৰ সৈতে বহু গুৰুতৰ অনিয়মৰ অভিযোগ জড়িত আছে।

তদন্ত সংস্থাই সন্দেহ কৰে যে ভূমিৰ ব্যৱহাৰত অবৈধ পৰিৱৰ্তন কৰা হৈছিল, ভুৱা বুকিং দেখুৱাই শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰা হৈছিল, ষ্টক বজাৰত ইনছাইডাৰ ট্ৰেডিংৰ জৰিয়তে লাভ অৰ্জন কৰা হৈছিল আৰু কোম্পানীখনৰ বৰ্তমানৰ এমডি তেওঁৰ পুত্ৰ কাৱ্য অৰোৰাও এই তদন্তৰ আওতালৈ আহিছে।

এই গোচৰত লুধিয়ানাৰ ব্যৱসায়ী হেমনাথ সূদৰ ভূমিকাও গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। তেওঁৰ কোম্পানী Findoc Finvest-এ UAEৰ পৰা কলা ধন ভাৰতলৈ আনিবলৈ সহায় কৰাৰ অভিযোগ উঠিছে। EDৰ মতে, এই ধন FPI ৰুটৰ জৰিয়তে ঘুৰাই শ্বেয়াৰ বজাৰত ব্যৱহাৰ কৰা হৈছিল।

ইফালে, জলন্ধৰৰ ব্যৱসায়ী চন্দ্ৰশেখৰ আগৰৱালৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উঠিছে। তেওঁ ‘Khiladi Book’ নামৰ বেটিং নেটৱৰ্ক স্থাপন কৰি হাজাৰ হাজাৰ লোকক ঠগি বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। এই ধন UAEলৈ পঠিয়াই পিছত ভাৰতত ৰিয়েল ইস্টেট প্ৰকল্পত বিনিয়োগ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।

EDয়ে সন্দেহ প্ৰকাশ কৰিছে যে সঞ্জীৱ অৰোৰাই নিজৰ ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি পঞ্জাৱত অবৈধ বেটিং অপাৰেটৰসকলক সুৰক্ষা প্ৰদান কৰিছিল আৰু তাৰ বিনিময়ত লাভৰ অংশ গ্ৰহণ কৰিছিল। লগতে তেওঁৰ কোম্পানীসমূহৰ জৰিয়তে কলা ধন বৈধ বিনিয়োগত পৰিৱৰ্তন কৰাৰ অভিযোগ উঠিছে।

তদন্তত ভুৱা এক্সপ’ৰ্ট বিল, শ্বেল কোম্পানী আৰু অবৈধ GST ফাৰ্ম ব্যৱহাৰ কৰি ভুৱা লেনদেন কৰাৰ তথ্যও প্ৰকাশ পাইছে। বৰ্তমান এই সমগ্ৰ তদন্ত FEMA আইনৰ অধীনত চলি আছে।

ইয়াৰ পূৰ্বে EDয়ে AAPৰ ৰাজ্যসভাৰ সাংসদ অশোক মিট্টালৰ জলন্ধৰস্থিত বাসগৃহ আৰু তেওঁৰ ব্যক্তিগত বিশ্ববিদ্যালয়তো তালাচী চলাইছিল। তেওঁৰ বাসগৃহত তালাচী সম্পূৰ্ণ হোৱা যদিও বিশ্ববিদ্যালয়ত তালাচী অব্যাহত আছে।

উল্লেখ্য যে সঞ্জীৱ অৰোৰা এজন প্ৰখ্যাত ব্যৱসায়ী হিচাপে পৰিচিত। তেওঁ Ritesh Industries Limited নামৰ এটা ৰপ্তানি কোম্পানী চলায় আৰু আমেৰিকাৰ ভাৰ্জিনিয়াত কাৰ্যালয় স্থাপন কৰি ব্যৱসায় আৰম্ভ কৰিছিল। ২০২২ চনত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে আৰু AAPয়ে তেওঁক ৰাজ্যসভাৰ বাবে মনোনীত কৰিছিল। ২০২৫ চনৰ ফেব্ৰুৱাৰীত তেওঁ লুধিয়ানা ৱেষ্ট সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। তেওঁক অৰবিন্দ কেজৰিৱাল আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভাগৱন্ত মানৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়।

ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল

You might also like