নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজব কাণ্ড : পূজাৰীৰ ডিঙিৰ পৰা কাঢ়িলে ৰুদ্ৰাক্ষৰ মালা, অভিযুক্তক গ্ৰেপ্তাৰ

নগৰবেৰা অঞ্চলত সংঘটিত হৈছে এক আজব আৰু নাভূত-নাশ্ৰুত ঘটনা। মন্দিৰৰ পূজাৰীৰ ডিঙিৰ পৰা বলপূৰ্বক ৰুদ্ৰাক্ষৰ মালা কাঢ়ি নিজৰ ডিঙিত পিন্ধি লোৱাৰ অভিযোগত এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, নগৰবেৰা অঞ্চলৰ স্থানীয় হনুমান মন্দিৰৰ পূজাৰী ৰাকেশ পাণ্ডে বৃহস্পতিবাৰৰ সন্ধিয়া মন্দিৰত চাকি জ্বলাবলৈ স্কুটী চলাই গৈ থকা সময়তে এই ঘটনা সংঘটিত হয়। সেই সময়তে পলাহৰটাৰী অঞ্চলৰ বাসিন্দা ৰফিজুল হক ওৰফে ‘বগা ড্ৰাইভাৰ’ নামৰ যুৱকজনে নগৰবেৰা বজাৰৰ মাজমজিয়াত পূজাৰীৰ পথ আগভেটা দিয়ে।

প্ৰথমে অভিযুক্ত যুৱকজনে পূজাৰীৰ ডিঙিত পিন্ধি থকা ৰুদ্ৰাক্ষৰ মালাডাল বিচাৰে। কিন্তু পূজাৰীয়ে মালাডাল দিবলৈ অস্বীকাৰ কৰাত অভিযুক্তজনে বলপূৰ্বক পূজাৰীৰ ডিঙিৰ পৰা মালাডাল কাঢ়ি লৈ নিজৰ ডিঙিত পিন্ধি লয়। ঘটনাৰ সময়ত অভিযুক্ত যুৱকজন নিচাসক্ত অৱস্থাত আছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ঘটনাৰ পিছতে পূজাৰী ৰাকেশ পাণ্ডেই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তৎক্ষণাত অভিযান চলাই অভিযুক্ত ৰফিজুল হক ওৰফে বগা ড্ৰাইভাৰক আটক কৰে আৰু পৰৱৰ্তী সময়ত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি নগৰবেৰা অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে ঘটনাটোৰ কঠোৰ তদন্ত কৰি দোষীৰ উচিত শাস্তিৰ দাবী জনাইছে।

ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল

You might also like