নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইলোৰা বিজ্ঞান মঞ্চলৈ কালুগাঁৱৰ দম্পতীৰ মৰণোত্তৰ দেহদান

ডিজিটেল ডেস্ক, কালুগাঁও, ১৭ এপ্ৰিল :  শিৱসাগৰ জিলাৰ বৰপাত্ৰদ’ল নিৱাসী সৌৰভ নেওগ আৰু তেওঁৰ সহধৰ্মিণী মৌচুমী দত্ত নেওগে অসমীয়া নতুন বছৰৰ প্ৰথম দিনটোতে ইলোৰা বিজ্ঞান মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ কল্যাণৰ অৰ্থে মৰণোত্তৰ দেহদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে । এই  প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বৃহস্পতিবাৰে সৌৰভ নেওগৰ বাসগৃহত জিলা সমিতিৰ সম্পাদক ব্ৰজেন ফুকন আৰু বিষয়ববীয়া দেৱজ্যোতি বৰুৱাই আনুষ্ঠানিকভাৱে ইলোৰা বিজ্ঞান মঞ্চৰ আজীৱন সভ্যৰ লগতে স্বীকৃতি প্ৰদান কৰে ।

অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে বিজ্ঞান মানসিকতাৰ প্ৰসাৰ, অংগদান আৰু চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ বাবে মৰণোত্তৰ দেহদান আন্দোলনক জনপ্ৰিয় কৰা, পৰিৱেশ ৰক্ষা আদি লক্ষ্য আৰু উদ্দেশ্যে সমগ্ৰ অসমতে কাম কৰি অহা ইলোৰা বিজ্ঞান মঞ্চ‌ৰ শিৱসাগৰ জিলা সমিতিয়ে কৰা কাম-কাজৰ বিষয়ে সম্পাদক ব্ৰজেন ফুকনে পৰিয়ালবৰ্গৰ আগত দাঙি ধৰি বক্তব্য আগবঢ়ায় । মৰণোত্তৰ দেহদান দিয়া সৌৰভ নেওগ আৰু তেওঁৰ পৰিবাৰ কালুগাঁও অঞ্চলৰ প্ৰথম দম্পতী বুলি উল্লেখ কৰি তেওঁ এই মহৎ কৰ্মক প্ৰশংসা কৰি দুয়োগৰাকী ব্যক্তিৰ লগতে পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে সৌৰভ নেওগ কালুগাঁও প্ৰেছ ক্লাবৰ উপদেষ্টা তথা খৰাগড় মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত হৈ আছে।

You might also like