এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী…
ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল : দীৰ্ঘদিন ধৰি দুই ধনকুবেৰৰ মাজত চলি অহা প্ৰতিযোগিতাত এইবাৰ আগবাঢ়িল আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী। এইবাৰ আদানীয়ে মুকেশ আম্বানীক পিছ পেলাই শীৰ্ষস্থান অধিকাৰ কৰিলে। মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানীয়ে স্থান লাভ কৰিছে।
ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ ১৭ এপ্ৰিল, ২০২৬ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, আদানীৰ মুঠ সম্পত্তি ৯২.৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে তেওঁ বিশ্বৰ কোটিপতিৰ তালিকাত ১৯ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইফালে, ৰিলায়েন্সৰ অধ্যক্ষ আম্বানীৰ নেট ৱৰ্থ ৯০.৮ বিলিয়ন ডলাৰ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী এই তালিকাৰ ২০ নম্বৰ স্থানত আছে।
বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত এতিয়াও ইলন মাস্কে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে, যাৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬৫৬ বিলিয়ন ডলাৰ বুলি জানিব পৰা গৈছে।