নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত ইৰানে খুলি দিলে হৰমুজ প্রণালী

ডিজিটেল ডেস্ক, ১৮ এপ্রিল : বৃহস্পতিবাৰে ইজৰাইল আৰু লেবাননৰ মাজত ১০ দিনৰ যুদ্ধবিৰতি ঘোষণা কৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ তাৰ পিছতেই শুকুৰবাৰে সকলো বাণিজ্যিক জাহাজৰ বাবে হৰমুজ প্রণালী খুলি দিলে ইৰানে৷

ইফালে, মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে সাৱধানবাণী শুনাই কয় যে ইৰান আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি নোহোৱা পর্যন্ত তেওঁলোকে হৰমুজ প্রণালী বন্ধ ৰাখিবলৈ সর্বশক্তি প্রয়োগ কৰিব৷ আনহাতে, ইৰানৰ বিদেশ মন্ত্রী আব্বাছ আৰাঘচিয়ে কয়- ‘লেবাননত যুদ্ধবিৰতিৰ সৈতে সংগতি ৰাখি যুদ্ধবিৰতিৰ অৱশিষ্ট সময়ৰ বাবে হৰমুজ প্রণালী সকলো বাণিজ্যিক জাহাজৰ চলাচলৰ বাবে সম্পূর্ণ উন্মুক্ত ঘোষণা কৰা হ’ল৷ যি ইৰানৰ বন্দৰ আৰু সামুদ্রিক সংস্থাৰ নিয়ন্ত্রণত পূর্বঘোষিত পথেৰেই চালিত হ’ব৷’

উল্লেখযোগ্য যে ইৰান যুদ্ধৰ মাজতে ইজৰাইল আৰু লেবাননৰ মাজত শান্তি বৈঠকৰ ঘোষণা কৰিছিল মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ৩৪ বছৰৰ পিছত দুয়োখন দেশৰ মাজত এই ঐতিহাসিক বৈঠক হ’বলৈ আগবাঢ়িছে৷ তাৰ পূর্বেই ১০ দিনৰ যুদ্ধবিৰতি ঘোষণা কৰে ড’নাল্ড ট্রাম্পে৷ এই পদক্ষেপক শান্তি প্রক্রিয়াৰ প্রথমটো পর্যায় হিচাপে উল্লেখ কৰে ট্রাম্পে৷ যদিও এই সংঘাতত পোনপটীয়াকৈ জড়িত ইজৰাইল বা হিজবুল্লাৰ ফালৰ পৰা তাৎক্ষণিকভাৱে কোনো বিবৃতি প্রদান কৰা হোৱা নাই৷

ইফালে, হৰমুজ খোলাৰ পিছত কার্যতঃ উৎফুল্ল হোৱা দেখা গৈছিল ট্রাম্পক৷ তেওঁ নিজৰ ছ’চিয়েল মিডিয়া ট্রুথ স্পেচিয়েলত লিখিছে– ‘ইৰানে এইমাত্র ঘোষণা কৰিছে যে হৰমুজ প্রণালী সম্পূর্ণৰূপে খুলি দিয়া হৈছে৷ তাৰ বাবে ইৰানক ধন্যবাদ৷’ কিন্তু তাৰ পিছতেই তেওঁ ওলোটা খৰ মৰা দেখিবলৈ পোৱা যায়৷ এই সন্দর্ভত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে হৰমুজ প্রণালী আমেৰিকাই বন্ধ কৰি ৰাখিব, যেতিয়ালৈকে শান্তি চুক্তি নহয়৷

উল্লেখযোগ্য যে ইৰান যুদ্ধৰ ফলত এমাহৰো অধিক কাল ধৰি অৱৰুদ্ধ হৈ আছিল হৰমুজ প্রণালী৷ এই প্রণালীটোৰে যাতায়াত বন্ধ হৈ পৰাত ইন্ধনৰ সংকটত ভোগে সমগ্র পৃথিৱীয়ে৷ অৱশ্যে ‘বন্ধু’ ভাৰতক সুকীয়াকৈ অনুমতি–পত্র প্রদান কৰি ভাৰতীয় জাহাজৰ চলাচলত অনুমোদন জনায়৷ ইফালে, এই পৰিস্থিতিত দোষৰ ভাগিদাৰ হৈছে মার্কিন ৰাষ্ট্রপতি ট্রাম্প৷ তেওঁক ওলোটাই হুমকি দিয়াও দেখা গৈছে৷

You might also like