ৰাজ্যৰ আগন্তুক নিৰ্বাচনত ২০১৬ আৰু ২০২১ চনৰ দৰে ফলাফল পুনৰাবৃত্তি হ’ব বুলি দাবী আগবঢ়ালে অগপ সভাপতি অতুল বৰাই।
নতুন দিল্লীত জেপি নাড্ডাক সাক্ষাৎ কৰাৰ পিছত সংবাদমেলত তেওঁ কয় যে NDA মিত্ৰজোঁটৰ পক্ষত ৰাজ্যত এখন প্ৰচণ্ড বতাহ সৃষ্টি হৈছে। এই বতাহত বিৰোধী শিবিৰ তচনচ হৈ পৰিব বুলিও মন্তব্য কৰে তেওঁ।
অতুল বৰাই লগতে কয় যে ৪ মে’ৰ পিছত ৰাজ্যত বিৰোধী শক্তি সম্পূৰ্ণৰূপে তচনচ হৈ পৰিব। তেওঁৰ এই মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত নতুন আলোচনা সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ১৮ এপ্ৰিল