ৰোমাঞ্চকৰ মেচত চেন্নাইক হৰুৱাই পইণ্ট তালিকাত উন্নীত হায়দৰাবাদ
ডিজিটেল ডেস্ক, ১৯ এপ্রিল : গুৰুত্বপূর্ণ বিজয় সাব্যস্ত কৰি চলিত আইপিএলৰ পইণ্ট তালিকাৰ চতুর্থ স্থানলৈ উন্নীত হ’ল ছানৰাইজার্ছ হায়দৰাবাদ৷ শনিবাৰে অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত ছানৰাইজার্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক ১০ ৰানত পৰাস্ত কৰে৷
মেচখনত হায়দৰাবাদে জয়ৰ বাবে বান্ধি দিয়া ১৯৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৮৪ ৰান কৰে৷ মেথিউ শ্বর্টে সর্বাধিক ৩৪, আয়ুস মাত্রেই ৩০, ছৰফৰাজ খানে ২৫ আৰু শিৱম ডুবেই ২১ ৰানৰ অৱদান আগবঢ়ায়৷ সঞ্জু ছেমছনে ৭ আৰু অধিনায়ক গাইকোৱাডে ১৯ ৰান কৰে৷ হায়দৰাবাদৰ হৈ ঈশান মালিংগাই সর্বাধিক ৩টা উইকেট লাভ কৰে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰ অভিষেক শর্মা আৰু হেনৰিচ ক্লাছেনৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৯৪ ৰান সংগ্রহ কৰে৷ অভিষেক আৰু ট্রেভিছ হেডে প্রথম উইকেটৰ যুটিত ৭৫ ৰান সংগ্রহ কৰি দলক বিস্ফোৰক আৰম্ভণি দিয়ে যদিও ট্রেভিছে ব্যক্তিগত ২৩ ৰানত আউট হোৱাৰ পিছতে দলটো বিপর্যয়ত পৰে৷ দলীয় স্ক’ৰ ৯৩ ৰানতে তিনিটা উইকেট হেৰুৱাই ছানৰাইজার্ছৰ অধিনায়ক ঈশান কিশনে কোনো ৰান নকৰাকৈ বিদায় লোৱাৰ বিপৰীতে অভিষেকে ২২টা বলত ৫৯ ৰানৰ অৰিহণা আগবঢ়ায়৷
ট্রেভিছ, ঈশান আৰু অভিষেক আউট হোৱাৰ পিছত ক্লাছেনে দুর্দান্ত বেটিং দাঙি ধৰি দলটোক সবল স্থিতিত উপনীত কৰায়৷ ক্লাছেনে ৩৯টা বলত ৫৯ ৰানৰ গুৰুত্বপূর্ণ অৱদান আগবঢ়ায়৷ ক্লাছেনক সতীর্থসকলে যোগ্য সহযোগ আগবঢ়োৱাত ব্যর্থ হয়৷ অনিকেট বার্মাই ২, নীতিশ কুমাৰে ১২, আৰোৰাই ১৩ আৰু লিভিংষ্টনে ১ ৰান কৰে৷ চেন্নাইৰ হৈ অংশুল কম্বোজ আৰু অ’ভাৰটনে তিনিটাকৈ উইকেট লয়৷