নির্জীৱ জীৱন
🔹 ড০ পার্থসাৰথি মহন্ত
মানুহৰ জীৱন দুটা– এটা দেখা পায়, জুখিব পাৰি– আনটো অকথিত, নীৰৱে ৰৈ থাকে৷ বেছিভাগ মানুহেই প্রথমটোৰ লগত জীয়াই থাকে, দ্বিতীয়টোক ভালকৈ লগেই নাপায়৷
জীৱন প্রত্যেকেই উদযাপন কৰিব নোৱাৰে৷ অনেকৰে জীৱন শেষ হয় অনুশোচনাত৷ কিছুমান অন্ত হয় নীৰৱ প্রশ্ণত৷
মানুহজন জীয়াই থাকে, কিন্তু সেই জীৱনটোত প্রাণ নাই– এক নির্জীৱ জীৱন৷
কোনোবাই নিজৰ চাকৰিটো, বৃত্তিটো ভাল পায়– কিন্তু কেতিয়াও সলাব/এৰিব নোৱাৰিলে৷ কোনোবা নাৰীয়ে জীৱনত কৰি অহা ত্যাগৰ কথা কেতিয়াও নক’লে৷ আপাতদৃষ্টিত স্বাভাৱিক যেন লাগে, কিয়নো জীৱনটো দেখাত ঠিকেই চলি থাকে৷ কিন্তু ভিতৰৰ ক’ৰবাত এটা অংশ স্পর্শ নোহোৱাকৈয়ে থাকি যায়– কেতিয়াও খোল নোখোৱা এটা বন্ধ কোঠাৰ দৰে৷ নির্জীৱ জীৱন৷
নির্জীৱ জীৱনে নিজকে ঘোষণা নকৰে৷ মাত নাই৷ ধূলিৰ দৰে মনে মনে থিতাপি লয়৷ এটা আপোচ, পাছত কৰিম বুলি এটা সিদ্ধান্ত আৰু আমি উপলব্ধি কৰাৰ আগতেই বছৰবোৰ পাৰ হৈ যায়৷
আমাক সৰুৰে পৰা নিৰাপদে জীয়াই থাকিবলৈ শিকোৱা হয়৷ আৱেগ নহয়, স্থিৰতা বাছি ল’বলৈ কোৱা হয়৷ নিজে বিচৰাতকৈ আনে ভাল দেখা কাম কৰিবলৈ কোৱা হয়৷ কঠোৰভাৱে কোনেও নকয়– কোনো জোৰ–জবৰদস্তি নাই৷ কিন্তু আনৰ লগত কৰা তুলনাৰ জৰিয়তে, তেওঁলোকৰ পৰা কৰা আশাৰ জৰিয়তে বুজাই দিয়া হয় আৰু আমি লাহে লাহে আমাৰ ভিতৰৰ কিছু অংশ নিস্তব্ধ কৰিবলৈ শিকো৷ নিজে বিচৰাৰ কাৰণে নহয়৷ আন সকলোৰে লগত থাকিব খোজা কাৰণে৷
অৱশেষত এটা মুহূর্ত আহে যেতিয়া নির্জীৱ জীৱনে উশাহ বিচাৰে৷ নিস্তব্ধ ৰাতি অকলে থাকোঁতে এই মুহূর্ত আহিব পাৰে, নিখুঁত যেন লগা সফলতাৰ মাজতো আহিব পাৰে, আন কাৰোবাক আমি মনে বিচৰা কামটো কৰি থকা দেখিলে আহিব পাৰে৷ লগে লগে আমাৰ মনলৈ আহে ‘যদি’বোৰ আৰু ‘হেঁতেন’বোৰ৷ যদি মই সাহস কৰিলোঁহেঁতেন, যদি মই নিজৰ কথা শুনিলোঁহেঁতেন– তেন্তে কি কি যে হ’লহেঁতেন এই প্রশ্ণবোৰে খুলি দিয়ে আমি সাৱধানে বন্ধ কৰি ৰখা এখন দুৱাৰ৷
নির্জীৱ জীৱনটো কেৱল ডাঙৰ ডাঙৰ সপোনৰ কথা নহয়৷ দৈনন্দিন জীৱনৰ সৰু সৰু কথা–বতৰাও হ’ব পাৰে৷ যেনে– কিছুমান কথা–বতৰা আমি এৰাই চলোঁ, কিছুমান কথাত আমি কেতিয়াও ক্ষমা নিবিচাৰোঁ, ক্ষমা নকৰোঁ৷ জীৱনটো কেৱল কৃতিত্বয়ে গঢ় নিদিয়ে– সাহসৰ এই সৰু সৰু মুহূর্তবোৰেও প্রভাৱিত কৰে৷ এইবোৰ আমি যেতিয়া হেৰুৱাই পেলাওঁ, আমাৰ ভিতৰৰ কিবা এটা অসম্পূর্ণ হৈয়ে থাকি যায়৷
বাহিৰৰ পৰা সম্পূর্ণ দেখা অথচ ভিতৰৰ পৰা অসম্পূর্ণ অনুভৱ কৰা জীৱনৰ এক অদ্ভুত যন্ত্রণা আছে৷ কেৰিয়াৰ, পৰিয়াল, সুনাম সকলো থাকিব পাৰে৷ দেখাত একো ভুল হোৱা নাই৷ তথাপি কিবা এটা হেৰাই যোৱা যেন লাগে৷ যেন এটা সম্পূর্ণকৈ মনত পেলাব নোৱাৰা গীত৷ এয়াই হৈছে নির্জীৱ জীৱনৰ বেদনা৷
আমি প্রায়ে এই অনুভৱ অনুভূত হ’বলৈ নিদিওঁ৷ নিজকে ব্যস্ত কৰি ৰাখোঁ৷ নিজকে পতিয়ন নিয়াও যে জীৱনটো এনেকুৱাই হ’ব লাগে৷ আমাতকৈ কম থকাসকলৰ লগত নিজকে তুলনা কৰোঁ আৰু পৰিতৃপ্তি লাভ কৰোঁ৷ কাৰণ নির্জীৱ জীৱনক মানি ল’বলৈ আমি কি কি পৰিত্যাগ কৰিলোঁ স্বীকাৰ কৰিব লাগিব আৰু তাৰ বাবে সাহসৰ প্রয়োজন৷
এই কাহিনীৰ খলনায়ক কোন? সমাজ, পৰিয়াল নে পৰিস্থিতি আচল কথাটো হ’ল– অকলে কোনো দায়ী নহয়– সকলো সমানে দায়ী৷ বহু সৰু সৰু আপোচ, আত্মসমর্পণৰ ফল নির্জীৱ জীৱন৷ যিদিনা আমি মনৰ কথা কোৱাৰ সলনি মৌনতা বাছি লৈছিলোঁ, যিদিনা আমি সমৃদ্ধিৰ সলনি আৰাম বাছি লৈছিলোঁ, যিদিনা আমি সম্ভাৱনাৰ সলনি ভয় বাছি লৈছিলোঁ– এইবোৰ সৰু কথা যেন লাগিছিল৷ কিন্তু আমাৰ জীৱনৰ এফাল নির্জীৱ হৈ পৰিছিল৷
সময়ে নিজস্ব ধৰণে পিছে কথাবোৰ স্পষ্ট কৰি দিয়ে৷ এটা সময়ত যিটো সঠিক ব্যৱহাৰিক সিদ্ধান্ত যেন লাগিছিল এটা সময়ত সেয়া আপোচৰ দৰে অনুভৱ হ’বলৈ আৰম্ভ কৰে৷ এটা সময়ত যিটো পৰিপক্বতা যেন লাগিছিল, সেয়া দমনৰ দৰে অনুভৱ হ’বলৈ আৰম্ভ কৰে৷ তাৰ পাছত এদিন আমি উপলব্ধি কৰোঁ–আমি জীৱনটো কটালোঁ, উদযাপন কৰিব নোৱাৰিলোঁ৷
নির্জীৱ জীৱনটো নোহোৱা হৈ নাযায়৷ ৰৈ যায়, কেৱল অনুশোচনা হিচাপেই নহয়, এক নীৰৱ উপস্থিতি হিচাপে৷ কেতিয়াবা ই অস্থিৰতা হৈ দেখা দিয়ে, কেতিয়াবা বুজাব নোৱাৰা দুখৰ দৰে, কেতিয়াবা কাৰণ নোহোৱা বিৰক্তি হিচাপে৷ আমি ভাবোঁ এয়া মানসিক চাপ৷ কিন্তু আচলতে আমাৰ ভিতৰৰ নির্জীৱ অংশটোৱে জীৱন বিচাৰে৷ এতিয়াও অপেক্ষা কৰি আছে৷
বহু দেৰি হৈ গ’ল বুলি এটা ভুল ধাৰণা আছে৷ এবাৰ এটা পথ বাছি ল’লে সেইটো সলনি কৰিব নোৱাৰি৷ এবাৰ পাৰ হৈ গ’লে আকৌ পাব নোৱাৰি৷ এটা সাত্ব্ন্না৷ সঁচা কিন্তু নহয়৷ আমি পিছলৈ ঘূৰি গৈ হেৰুৱাই পেলোৱা জীৱনটো পুনৰ নাপাব পাৰোঁ, কিন্তু এতিয়াও কিছু পাব পাৰোঁ৷
নির্জীৱ জীৱনে সিদ্ধতা নিবিচাৰে– প্রকাশ বিচাৰে৷ সকলো এৰি দি জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ নকয়, নাটকীয় পৰিৱর্তন নিবিচাৰে৷ সহজ কিবা এটা বিচাৰে৷ নতুন কিবা এটা চেষ্টা কৰিব বিচাৰে৷ এসময়ত ভাল পোৱা বস্তুটোৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব বিচাৰে৷ নিজৰ ফালে এখোজ যাব বিচাৰে৷
সাহস লাগে, সংলাপ নোহোৱাকৈয়ে৷ নীৰৱে আৰম্ভ কৰিব লাগে সৰু সৰু কথাৰ পৰা৷ আগতে যিটো দমন কৰিছিল, এতিয়া অনুভৱ কৰিব লাগে৷ বিৱর্তন হ’বলৈ দিব লাগে৷ অসম্পূর্ণতা মানি বিৱর্তনশীল হ’ব লাগে৷ প্রত্যেকৰে জীৱনত কিছু ছাঁ থাকে৷ চকুত নপৰে৷ লুকাই থাকে৷ সলনি কৰিবলৈ একো বৈপ্লৱিক চেষ্টা কৰিব নালাগে৷ বাকী থকা দিনবোৰৰ সংজ্ঞা নিৰূপণ কৰিব লাগে৷
প্রশ্ণটো মই কি হেৰুৱালোঁ, কিয় যে হেৰুৱালোঁ নহয়৷ প্রশ্ণটো হ’ল এতিয়া মই কিমান পাব পাৰোঁ৷ জীৱনটো কি নাপালোতে শেষ হৈ নাযায়৷ জীৱন নির্ভৰ কৰে এতিয়া মই কি কৰিম তাৰ ওপৰত৷ কাৰণ জীৱনটো কেৱল জীয়াই থকা বা সফলতাৰ কথা নহয়৷ বাহ্যিক জীৱন আৰু আভ্যন্তৰীণ জীৱনৰ সমন্বয়ৰ কথা৷ আমি বর্তমানত জীয়াই থকা জীৱন আৰু কল্পনা কৰা জীৱনৰ মাজৰ ব্যৱধান হয়তো সম্পূর্ণৰূপে নোহোৱা কৰিব নোৱাৰিব পাৰোঁ৷ কিন্তু কমাব পাৰোঁ৷ এঢাপ এঢাপকৈ৷
এটা দিন আহিব যিদিনা সকলো নিস্তব্ধ হৈ পৰিব– বাহিৰ–ভিতৰ সকলো৷ এটাই মাত্র প্রশ্ণ গুঞ্জৰিত হৈ থাকিব–কিমান দিন জীয়াই থাকিলোঁ নহয়, নিজৰ মতে কিমানখিনি জীয়াই থাকিলোঁ৷