সম্পাদকীয় : মহিলাৰ আসন সংৰক্ষণ
আমি যিমানেই নাৰী সবলীকৰণৰ শ্ল’গান নিদিওঁ কিয়, দেশৰ মহিলাসকলৰ সামূহিক উত্থানত ভেটা দিয়া লোকৰ অভাৱ নাই৷ ভাৰতীয় সংবিধানৰ ১৩১সংখ্যক সংশোধনৰ জৰিয়তে দেশৰ মহিলাসকলৰ বাবে লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ আসন সংৰক্ষণৰ বাবে সংসদৰ বিশেষ অধিৱেশনত উত্থাপন কৰা নাৰীশক্তি বন্দন বিধেয়কখনৰ ভোটদানৰ সময়তে স্পষ্ট হয় কিদৰে সক্রিয় হৈছে দেশৰ নাৰী সবলীকৰণবিৰোধী চক্র৷ সংসদৰ বিশেষ অধিৱেশনত কেন্দ্রীয় আইনমন্ত্রী অর্জুন ৰাম মেঘৱালে উত্থাপন কৰা মহিলাৰ আসন সংৰক্ষণ বিষয়ক বিধেয়কখনৰ ওপৰত শাসক আৰু বিৰোধী পক্ষৰ দুদিনীয়া বিতর্কৰ অন্তত ১৭ এপ্রিলত ভোটগ্রহণ হয়৷ দেশৰ সংবিধানৰ সংশোধন কৰি নতুন ব্যৱস্থা বলৱৎ কৰিবলৈ হ’লে দুই তৃতীয়াংশ ভোটৰ প্রয়োজন৷ মহিলা সংৰক্ষণ বিধেয়কখনৰ ওপৰত ভোটদানৰ সময়ত উপস্থিত আছিল ৫২৮গৰাকী সাংসদ৷ ইয়াৰে এনডিএৰ অংশীদাৰ বিজেপিকে ধৰি অংশীদাৰ দলসমূহৰ ২৯৮গৰাকী সপক্ষে ভোটদান কৰাৰ বিপৰীতে কংগ্রেছ, সমাজবাদী পার্টী, তৃণমূল কংগ্রেছকে ধৰি অন্যান্য বিৰোধী দলসমূহে ২৩০গৰাকী সাংসদে বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰে৷ মহিলা সংৰক্ষণ বিধেয়কখন সংসদত অনুমোদনৰ বাবে প্রয়োজনীয় ৩৫২ ভোট লাভ নকৰাৰ বাবে সংসদত গৃহীত নহ’ল বিধেয়কখন৷ ইয়াৰ লগে লগে দেশৰ মহিলা সবলীকৰণৰ সাংবিধানিক সুৰক্ষা ব্যৱস্থাত বাধাৰ সৃষ্টি হয়৷ দেশৰ ৰাজনীতিত মহিলাৰ অংশগ্রহণ এতিয়াও আশাব্যঞ্জক হৈ উঠা নাই৷ স্বাধীনতা লাভ কৰাৰ ৭৮ বছৰ অতিক্রম কৰা সত্ত্বেও দেশৰ লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভাত মহিলাৰ প্রতিনিধিত্ব পুতৌজনক অৱস্থাত আছে৷ চলিত লোকসভাত বিজেপিৰ ২৪০গৰাকী সাংসদৰ ভিতৰত মাথোঁ ৩১গৰাকীহে মহিলা৷ শতাংশৰ হিচাপত ১২.৯০ শতাংশ৷ কংগ্রেছৰ ৯৮গৰাকী সাংসদৰ ভিতৰত ৩১গৰাকী, তৃণমূল কংগ্রেছৰ ২৯গৰাকী সাংসদৰ ভিতৰত ১১গৰাকী, সমাজবাদী পার্টীৰ ৩৭গৰাকীৰ ভিতৰত ৫ গৰাকী, ডিএমকেৰ ২২গৰাকীৰ ভিতৰত ৩গৰাকীহে মহিলা সাংসদ আছে৷ অসম বিধানসভাৰ শেহতীয়া নির্বাচনত ৰাজনৈতিক দলসমূহে ১০ শতাংশ মহিলা প্রার্থীক প্রার্থিত্ব প্রদান কৰা নাই৷ নির্বাচনত বিজয়ৰ সম্ভাৱনাক দোহাই দি ৰাজনৈতিক দলসমূহে মহিলাৰ ৰাজনৈতিক প্রতিনিধিত্বক এলাগি কৰি ৰাখিছে৷ যদিহে প্রত্যেকটো ৰাজনৈতিক দলে প্রার্থিত্ব প্রদানৰ সময়ত মহিলাক যোগ্য প্রতিনিধিত্বৰ ব্যৱস্থা কৰিলেহেঁতেন তেতিয়া মহিলাৰ বাবে বিশেষ সংৰক্ষণ ব্যৱস্থাৰ প্রয়োজন নাথাকিলহেঁতেন৷ কিন্তু মুখেৰে যিমানেই নাৰী বন্দনাৰ বচন আওৰাই নাথাকো কিয়, লোকসভা আৰু বিধানসভা নির্বাচনত মহিলাসকলে যোগ্য প্রতিনিধিত্ব লাভ কৰাৰ পৰা বঞ্চিত হৈছে৷ ৰাজ্যৰ পঞ্চায়ত আৰু স্থানীয় নিকায়ৰ নির্বাচনত মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ সময়তো একাংশ ৰাজনৈতিক নেতাৰ মাজত বিৰূপ প্রতিক্রিয়া পৰিলক্ষিত হৈছিল৷ ৰাজনীতিত সক্রিয় অংশগ্রহণৰ বাবে ৩৩ শতাংশ মহিলা প্রার্থীৰ অভাৱ হ’ব বুলিও এই নেতাসকলে আশংকা ব্যক্ত কৰিছিল৷ কিন্তু ৩৩ শতাংশ মহিলাৰ প্রতিনিধিত্বৰে পঞ্চায়তীৰাজ ব্যৱস্থা এতিয়া সুচাৰুৰূপে চলি আছে৷ আনকি কেইবাখনো জিলাত নির্ধাৰিত সংখ্যাতকৈ মহিলাৰ প্রতিনিধিত্ব অধিক দেখা গৈছে৷
লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩০ শতাংশ আসন সংৰক্ষণক লৈ ১৯৯৬ৰ পৰা সুদীর্ঘ ৩০ বছৰ ধৰি ৰাজনৈতিক যুঁজ চলি আছে৷ ১৯৫২ত দেশৰ প্রথম নির্বাচনত পুৰুষ আৰু মহিলা ভোটদাতাৰ পৰিসংখ্যা সুকীয়াকৈ নির্ধাৰণ কৰাৰ ব্যৱস্থা নাছিল৷ ১৯৫৭ৰ নির্বাচনৰ সময়তহে ভোটাৰ তালিকাত পুৰুষ আৰু মহিলা ভোটদাতাৰ সংখ্যা সুকীয়াকৈ নির্ধাৰণ কৰা হৈছিল৷ ১৯৯২–৯৩ত সংবিধানৰ ৭৩ আৰু ৭৪সংখ্যক সংশোধনীৰ জৰিয়তে পঞ্চায়ত আৰু পৌৰ নিকায়সমূহত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল৷ অনুৰূপ ধৰণে বিধানসভা আৰু লোকসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বাবে ১৯৯৬ৰ ১২ ছেপ্টেম্বৰত সংবিধানৰ ৮১সংখ্যক সংশোধনীৰ বাবে তদানীন্তন প্রধানমন্ত্রী এইচ ডি দেৱেগৌড়া চৰকাৰে পদক্ষেপ লৈছিল৷ সেই সময়তো প্রয়োজনীয় সমর্থনৰ অভাৱত গুৰুত্বপূর্ণ বিধেয়কখন সংসদত গৃহীত হোৱা নাছিল৷ ১৯৯৮ত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে মহিলাৰ আসন সংৰক্ষণৰ বাবে বিধেয়ক উত্থাপন কৰিছিল যদিও তেতিয়াও প্রয়োজনীয় সমর্থন লাভ কৰা নাছিল৷ পৰৱর্তী সময়ত ১৯৯৯, ২০০২, ২০০৩, ২০০৮, ২০১০, আৰু ২০২৩তো মহিলা সংৰক্ষণ বিধেয়কখন সংসদত অনুমোদনৰ বাবে পদক্ষেপ লোৱা হৈছিল যদিও বিৰোধী পক্ষত থকা ৰাজনৈতিক দলসমূহৰ আওকণীয়া স্থিতিৰ বাবেই বিধেয়কখন গৃহীত হোৱা নাছিল৷ ১৭ এপ্রিলত লোকসভাত দুই তৃতীয়াংশ ভোট লাভ নকৰাৰ বাবে মহিলা সংৰক্ষণ বিধেয়কখন আকৌ এবাৰ গৃহীত নহ’ল৷ বিৰোধী পক্ষত থকা কংগ্রেছ, তৃণমূল কংগ্রেছ, সমাজবাদী পার্টী, আৰজেডি আদি দলৰ ঐক্যবদ্ধ বিৰোধিতাৰ বাবে নাৰী শক্তি বন্দন বিধেয়ক অনুমোদন লাভ নকৰিলে৷ ইয়াৰ লগে লগে দেশৰ মহিলাসকলে ৰাজনৈতিক অধিকাৰৰ সাংবিধানিক সুৰক্ষা লাভৰ পৰা বঞ্চিত হ’ল৷ দেশৰ ৰাজনীতিত মহিলাসকলৰ যোগদান নির্ণায়ক হৈ উঠিছে৷ সম্প্রতি দেশৰ এনে বহু লোকসভা আৰু বিধানসভাৰ সমষ্টি আছে যিবোৰত পুৰুষ ভোটদাতাৰ তুলনাত মহিলা ভোটদাতাৰ সংখ্যা অধিক৷ আনকি ভোটদান প্রক্রিয়াত অংশগ্রহণ কৰাৰ মহিলা ভোটদাতাৰ সংখ্যা পুৰুষ ভোটদাতাতকৈ অধিক৷ শেহতীয়া অসম বিধানসভা নির্বাচনত পুৰুষতকৈ এক শতাংশৰ অধিক মহিলা ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিছে৷ দেশৰ অথবা ৰাজ্যৰ মহিলা ভোটদাতাসকলে অধিক সক্রিয় অংশগ্রহণ কৰিলেও সংসদ বা লোকসভাত সমানুপাতিক হাৰত প্রতিনিধিত্ব কৰিবলৈ হ’লে কমেও ৫০ শতাংশ আসন সংৰক্ষণ হ’ব লাগে৷ কিন্তু ৩৩ শতাংশ আসন সংৰক্ষণক লৈ বিগত ৩০ বছৰে যিখন ৰাজনৈতিক যুঁজ–বাগৰ চলিছে সেয়া অব্যাহত থাকিলে দেশৰ মহিলাসকলৰ প্রতি গভীৰ অন্যায় কৰা হ’ব৷ এনে ৰাজনীতিয়ে দেশৰ গণতান্ত্রিক ব্যৱস্থাক দুর্বল কৰিহে তুলিব৷ লোকসভাত মহিলা সংৰক্ষণ বিধেয়কখন খাৰিজ হোৱাৰ পাছত ১৮ এপ্রিলত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ মহিলাসকলৰ ওচৰত মার্জনা বিচাৰিছে৷ বিৰোধী পক্ষৰ বাবেই মহিলা সংৰক্ষণ বিধেয়কখনৰ গতি ৰুদ্ধ হোৱা বুলি প্রধানমন্ত্রীগৰাকীয়্ আক্ষেপ কৰিছে৷ প্রধানমন্ত্রী মোদীৰ বক্তব্যক লৈ কংগ্রেছ তথা বিৰোধী ৰাজনৈতিক দলসমূহেও প্রতিক্রিয়া ব্যক্ত কৰিছে৷ কিন্তু সাংবিধানিক ব্যৱস্থা অবিহনে বিধানসভা আৰু লোকসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কোনো কালেই সম্ভৱ নহয়৷ এইক্ষেত্রত শাসক–বিৰোধী ৰাজনৈতিক দলসমূহে ৰাজনৈতিক অৰিয়াঅৰি পৰিহাৰ নকৰিলে দেশৰ মহিলাসকলে সংৰক্ষণৰ সাংবিধানিক সুৰক্ষা লাভ কৰাৰ আশা নাই৷