ডিজিটেল ডেস্ক, ২১ এপ্ৰিল : গুৱাহাটী মহানগৰীৰ বশিষ্ঠ নৈত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা যুৱকজনক আখতাৰ আলী বুলি চিনাক্ত কৰা হৈছে।
প্ৰাথমিক তথ্য অনুসৰি, মেনহলেৰে উটি আহি মৃতদেহটো বশিষ্ঠ নৈত উপস্থিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল হাতীগাঁও নটবমাৰ বাসিন্দা আখতাৰ আলী।
জানিব পৰা মতে, আখতাৰ আলী নামৰ যুৱকজন বিশেষভাৱে সক্ষম আছিল। ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে বিভিন্ন প্ৰশ্নৰ উদ্ৰেক কৰিছে।
আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু মৃত্যুৰ সঠিক কাৰণ জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে।