ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্মৃতিগ্ৰন্থ ‘বহনা’ উন্মোচন
স্মৃতিগ্ৰন্থই ব্যক্তি আৰু সমাজৰ ঐতিহ্য বহন কৰে- ড° গীতাঞ্জলি বৰুৱা
স্মৃতিগ্ৰন্থৰ বুকুত বৈ থাকে একোটা অনুষ্ঠানৰ নেদেখা ইতিহাস । স্মৃতিগ্ৰন্থই ব্যক্তি আৰু সমাজৰ ঐতিহ্য বহন কৰে। স্মৃতিগ্ৰন্থ এসময়ত অঞ্চলটোৰ বাবে এক মূল্যবান দলিল স্বৰূপ হৈ পৰে।সেয়ে ইয়াৰ গুৰুত্ব অপৰিসীম।’ এই মন্তব্য নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখিকা ড° গীতাঞ্জলি বৰুৱাৰ।
সোমবাৰে সন্ধিয়া ৬৭ সংখ্যক ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উপলক্ষে উদযাপন সমিতিৰ হৈ যোগানন্দ গগৈয়ে সম্পাদনা কৰা স্মৃতিগ্ৰন্থখন উন্মোচন কৰি ড° বৰুৱাই কয় – ‘বহাগ বিহু কেৱল এটা উৎসৱ নহয়, অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ বাবে প্ৰাণ বিন্দু।
সকলো জাতি-ধৰ্ম, বৰ্ণ-গোষ্ঠীৰ মানুহে একেলগে অংশগ্ৰহণ কৰিব পাৰে। ই আমাৰ চেতনাৰ অংগ,জাতীয় স্বাভিমান। বিহু আছে বাবেই আমি সকলোৱে প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই আছো।’
সময়ৰ পৰিবৰ্তনৰ লগে লগে সাম্প্ৰতিক সময়ত উৎসৱ সমূহৰো কিছু পৰিৱৰ্তন হোৱা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি তেওঁ আৰু লগতে কয় যে – আজি বিহু বিশ্বায়নমুখী হৈছে। বৰ্তমান বিহু কেৱল এখন আঞ্চলিক উৎসৱ হিচাপে নহয়, বৰং বিশ্বজুৰি পৰিচিত এক সাংস্কৃতিক ঐতিহ্য হিচাপে প্ৰতিষ্ঠা কৰিছে।
এই স্মৃতিগ্ৰন্থখনিত বিহুৰ দৃষ্টি, দৰ্শন আৰু বিশ্বায়নমুখী বিহু সম্পৰ্কে লিখা বিভিন্ন লেখা সমূহে নিশ্চয় আমাৰ উঠি অহা নৱপ্ৰজন্মক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে। সাংস্কৃতিক কৰ্মী দীপাংকৰ চেতিয়াই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ উন্মোচনী অনুষ্ঠানত স্মৃতিগ্ৰন্থৰ দাতা পৰিয়ালৰ হৈ লেখিকা তথা শিক্ষয়িত্ৰী দিপামণি হাজৰিকাই চমু বক্তব্য প্ৰদান কৰে।
ঘিলামৰাৰ শিক্ষাবিদ চেনিৰাম সূত আৰু পদ্মাৱতী সূতৰ পবিত্ৰ স্মৃতিত প্ৰকাশিত ২০৬ পৃষ্ঠাৰ সৰ্বাংগ সুন্দৰ স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি হিৰণ্য হাজৰিকা,সম্পাদক উত্তম হাজৰিকা, স্মৃতিগ্ৰন্থৰ সম্পাদক যোগানন্দ গগৈৰ লগতে উদযাপন সমিতিৰ বিষয়-ববীয়া, সম্পাদনা সমিতিৰ সদস্যসকলৰ লগতে অগণন বিহুবলীয়া ৰাইজ উপস্থিত থাকে।এই অনুষ্ঠানতে দাতা পৰিয়ালক ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনায়।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২১ এপ্ৰিল