নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্ৰিপুৰাৰ ক’ভিড আক্ৰান্ত মহিলাই দৰ্শন কৰিছিল কামাখ্যা মন্দিৰ

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ ত্ৰিপুৰাৰ প্ৰথমগৰাকী ক’ভিড-১৯ ত আক্ৰান্ত গীতা কৰ্মকৰৰ ভ্ৰমণ পৰিক্ৰমাত ওলাইছে গুৱাহাটী ভ্ৰমণৰ তথ্য ।

যোৱা ১৬, ১৭, ১৮ আৰু ১৯ মাৰ্চত তেওঁ গুৱাহাটীত আছিল । গুৱাহাটীত থকা সময়ছোৱাত তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল । পাছত তেওঁ সুন্দৰী এক্সপ্ৰেছযোগে আগৰতলাত উপস্থিত হয় ।

ধুবুৰীৰ চাপৰৰ আৰু ত্ৰিপুৰাৰ ক’ৰোনা আক্ৰান্ত দুগৰাকীৰ ভ্ৰমণ পৰক্ৰমাৰ তথ্যৰ ভিত্তিত সম্প্ৰতি স্বাস্থ্য় বিভাগে তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰি কোৱাৰেণ্টাইন কৰাৰ লগতে নমুনা সংগ্ৰহ কৰিছে ।

You might also like