নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডু-পশ্চিম বংগত নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন

তামিলনাডুৰ ২৩৪খন বিধানসভা আসনৰ লগতে পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ ১৫২খন আসনৰ বাবে আজি সন্ধিয়া ৫ বজাৰ পৰা নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে সমাপ্ত হ’ব।

নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, প্ৰচাৰৰ অন্তিম সময় সমাপ্ত হোৱাৰ পাছত কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে জনসভা বা প্ৰচাৰ অভিযান চলাব নোৱাৰিব। এতিয়া সকলো দল আৰু প্ৰাৰ্থীয়ে অন্তিম মুহূৰ্তৰ প্ৰচাৰত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে, পশ্চিম বংগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব। সমগ্ৰ নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হ’ব ৪ মে’ তাৰিখে।

এই নিৰ্বাচন দুয়োখন ৰাজ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে আৰু ইয়াক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত তীব্ৰ তৎপৰতা পৰিলক্ষিত হৈছে।

ডিজিটেল ডেস্ক, ২১ এপ্ৰিল

You might also like