নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাক উপত্যকাত মুখ্যমন্ত্ৰীঃ “ক’ৰোনা যোদ্ধা” সকলক একেই উদ্যমেৰে কৰ্তব্য পালন কৰি যাবলৈ আহ্বান

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ “আপোনালোকে জানে আমি বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ-ভৈয়ামত বসবাস কৰা সকলো জনসাধাৰণে একত্ৰিত হৈ ক’ৰোনাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ২১ দিনীয়া লকডাউনত অসমৰ সকলো জিলাৰ লোকেই নিজক গৃহবন্দি কৰি ৰাখি সামাজিক দূৰত্ব বৰ্তাই ৰাখিছে । অসমৰ অন্যান্য জিলাৰ লগতে হাইলাকান্দি জিলাতো জিলা প্ৰশাসনে স্থানীয় জনপ্ৰতিনিধিসকলৰ সহযোগত জনসাধাৰণক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াইছে । লগতে জনসাধাৰণৰ কোনো অসুবিধা নোহোৱাকৈ সকলো ক্ষেত্ৰতে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে ।”- আজি বৰাক উপত্যকাত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

বুধবাৰে বৰাক উপত্যকাত উপস্থিত হৈ কৰিমগঞ্জ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে, এই জটিল সময়ত সন্মুখৰপৰা যুঁজি থকা “ক’ৰোণা যোদ্ধা” সকলক একেই উদ্যমেৰে কৰ্তব্য পালন কৰি যাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তাৰপাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাইলাকান্দিৰ সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি আইছ’লেচন আৰু আই চি ইউ ব্যৱস্থাৰ বুজ লয় ।

ইয়াৰোপৰি শিলচৰত বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীসকলৰ সৈতে মত বিনিময় কৰি চৰকাৰে ক’ভিড-১৯ ক প্ৰতিহত কৰিবলৈ লোৱা পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

You might also like