নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত ভোটগ্ৰহণ : BJP-TMC কৰ্মীৰ মাজত ব্যাপক সংঘৰ্ষ

পশ্চিমবংগৰ দক্ষিণ মিদনাপুৰ জিলাৰ কুমাৰগঞ্জ আসনত বিজেপি প্ৰাৰ্থী শুভেন্দু সৰকাৰৰ ওপৰত আক্ৰমণ সংঘটিত হোৱা বুলি অভিযোগ উঠিছে। এটা ভিডিঅ’ত দেখা গৈছে যে তেওঁ আক্ৰমণৰ পৰা বাচিবলৈ দৌৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছে। তেওঁৰ সৈতে সুৰক্ষা কৰ্মী থাকিলেও একাংশ লোকৰ ভিৰে তেওঁক প্ৰহাৰ কৰা দেখা গৈছে।

আক্ৰমণকাৰী লোকসকলৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই। তথ্য অনুসাৰে, ভিডিঅ’ত দেখা যোৱা সকলো লোকক তৎক্ষণাৎ গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। ইফালে ৰাজ্যৰ বিভিন্ন স্থানত বিজেপি আৰু টিএমচি কৰ্মীসকলৰ মাজত সংঘৰ্ষৰ খবৰ আহিছে। বহু স্থানত ইভিএম যন্ত্ৰ বিকল হোৱাৰ অভিযোগো উত্থাপিত হৈছে।

মুৰ্ছিদাবাদত হুমায়ূন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষৰ খবৰ পোৱা গৈছে।

হুমায়ূন কবীৰে সংবাদমাধ্যমৰ সৈতে হোৱা কথোপকথনত অভিযোগ কৰে যে পুলিচে টিএমচি কৰ্মীসকলৰ সৈতে মিলি গুণ্ডামি চলাই আছে আৰু তেওঁৰ সমৰ্থকসকলক মাৰপিট কৰা হৈছে। ইফালে শিলিগুৰিতো ভোটগ্ৰহণ চলি থকাৰ সময়ত বিজেপি আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ হোৱা বুলি খবৰ পোৱা গৈছে।

আনহাতে মালদাৰ এখন ভোটকেন্দ্ৰত ইভিএম বিকল হোৱাত উত্তেজনা সৃষ্টি হয়। স্থানীয় লোকসকলে নিৰ্বাচনী বিষয়াসকলক ঘেৰাও কৰি আপত্তি জনায়। ৰাজ্যজুৰি পুৱাৰ পৰা ভোটকেন্দ্ৰসমূহত দীঘলীয়া শাৰী দেখা গৈছে, য’ত মহিলাৰ উপস্থিতি অধিক বুলি লক্ষ্য কৰা হৈছে।

উল্লেখযোগ্য যে পশ্চিমবংগত মুখ্য প্ৰতিদ্বন্দ্বিতা টিএমচি আৰু বিজেপিৰ মাজত। ৰাজ্যখনৰ ভোটকেন্দ্ৰসমূহত লাইভ মনিটৰিঙৰ জৰিয়তে নিৰ্বাচন আয়োগে নিৰীক্ষণ চলাই আছে। ৰাজ্যখনৰ বাকী ১৪২খন আসনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ফলাফল ৪ মে’ত ঘোষণা কৰা হ’ব।

ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল

You might also like