নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেৰাই যোৱাৰ উপক্ৰম গুৰু দুজনাৰ সাঁচিপাতৰ পুথি, পশ্চিম বংগ চৰকাৰৰ অৱহেলা

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা আৰু জাতীয় তথা আধ্যাত্মিক জীৱনক সমৃদ্ধ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে নিজ হাতে লিখা সাঁচিপাতৰ পুথিৰ লগতে অন্য সত্ৰীয়া আপুৰুগীয়া সম্পদ সম্প্ৰতি কোচবিহাৰৰ উত্তৰ বংগ ৰাষ্ট্ৰীয় পুথিভঁৰালত বিজ্ঞানসন্মত আৰু উপযুক্ত ৰূপত সংৰক্ষণ নকৰাৰ ফলত উৱলি যাব ধৰিছে বুলি মধুপুৰ সত্ৰ, উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষী সমিতিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

মধুপুৰ সত্ৰ, উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিযোগে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে কোচবিহাৰত গুৰু জনাই জীৱনৰ শেষ সময় অতিক্ৰম কৰা কালত সেই কোচবিহাৰত প্ৰায় ৬০০ বছৰ আগতে গুৰু দুজনাৰ অমূল্য সৃষ্টি আৰু অসমৰ জাতীয় সম্পদ এই সাঁচিপাতৰ পুথিসমূহ ৰচনা কৰিছিল।

বৰ্তমানে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা গৰুড় পুৰাণ ,গোপী উদ্ধৱ সংবাদ ,ভাগৱতৰ পঞ্চম আৰু একাদশ স্কন্ধ ,হৰিশ্চন্দ্ৰ উপাখ্যান আৰু মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা ভক্তিৰত্নাৱলী ,ৰামায়ণৰ আদি খণ্ড ,শ্ৰী কৃষ্ণৰ জন্ম ৰহস্য আৰু অনন্ত কন্দলিৰ ভাগৱতৰ দশম স্কন্ধ সংৰক্ষিত হৈ আছে যদিও পশ্চিম বংগ চৰকাৰৰ চৰম অৱহেলা আৰু অনীহাৰ বাবে এই অমূল্য সম্পদ সমূহ ধ্বংস হোৱাৰ উপক্ৰম হৈছে।

পশ্চিম বংগ চৰকাৰে এই সাঁচিপাতৰ পুথিসমূহ সংৰক্ষণ কৰাৰ বাবে পুথিসমূহ মেৰিয়াই থোৱা কাপোৰ আৰু এই পুথি সমূহ কীত-পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়োজন হোৱা ৰাসায়নিক পদাৰ্থ সমূহ সময়মতে যোগান নধৰাৰ ফলত গুৰু দুজনাৰ এই অপূৰ্ব ,অনন্য সম্পদ আজি ইতিহাস হোৱাৰ পথত।

ঠিক সেইদৰে কোচবিহাৰ মধুপুৰ সত্ৰত থকা গুৰু জনাৰ গুণমালাকে ধৰি কেবাখনো সাঁচিপাতৰ পুথি উপযুক্ত তদাৰকৰ অভাৱত উৱলি যোৱাৰও উপক্ৰম হৈছে।সমান্তৰালভাৱে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ব্যৱহাৰ কৰা পাদুকা আৰু অন্যান্য অমূল্য সম্পদ সমূহো হেৰাই যোৱাৰ উপক্ৰম হৈছে।

ইতিমধ্যে সত্ৰ খনৰ পৰা ৰজাদিনীয়া নাগাৰি মুদ্ৰা নোহোৱা হৈছে । মধুপুৰ সত্ৰ, উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষী সমিতিয়ে কোচবিহাৰ উত্তৰ বংগ ৰাষ্ট্ৰীয় পুথিভঁৰাল আৰু মধুপুৰ সত্ৰত থকা গুৰু দুজনাৰ সাঁচিপাতৰ পুথিসমূহ অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত তৎকালীন ভাৱে সংৰক্ষণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

নিয়মীয়া বাৰ্তা, হাউলী, ২৩ এপ্ৰিল

You might also like