নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নয়দাত দুজন সন্দেহজনক আতংকবাদীক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশ ATS-এ নোৱাইডাৰ পৰা দুজন সন্দেহজনক আতংকবাদীক গ্ৰেপ্তাৰ কৰিছে। এই দুয়ো অভিযুক্তে ISIৰ বাবে কাম কৰি আছিল আৰু পাকিস্তানী গেংষ্টাৰ শেহজাদ ভট্টীৰ সৈতে সংযোগ আছিল। তেওঁলোকৰ পৰা পিষ্টল আৰু চাকু উদ্ধাৰ কৰা হৈছে। এই সন্দেহজনক দুয়োজনে ISIৰ নিৰ্দেশত ভাৰতৰ বিৰুদ্ধে এক ডাঙৰ ষড়যন্ত্ৰ ৰচি আছিল।

ATSৰ মতে, অভিযুক্ত দুজনৰ পৰিচয় হৈছে বাগপতৰ তুষাৰ চৌহান ওৰফে হিজবুল্লা আলী খান আৰু দ্বিতীয়জন সমীৰ খান, যিজন দিল্লীৰ বাসিন্দা। দুয়োজনৰ বয়স প্ৰায় ২০ বছৰৰ। তেওঁলোকৰ পৰা পিষ্টল, চাকুৰ উপৰি দুটা মোবাইল ফোনো জব্দ কৰা হৈছে।

ATSৰ মতে, এই সন্দেহজনক দুয়োজনে ISIৰ সৈতে সংযোগত আছিল আৰু পাকিস্তানী গেংষ্টাৰ শেহজাদ ভট্টীৰ লগতে আবিদ জাট আদি কেইবাজন হেণ্ডলাৰৰ সৈতে যোগাযোগত আছিল। তেওঁলোকক ভাৰতৰ সংবেদনশীল ঠাইসমূহত কূটাঘাত কৰাৰ দায়িত্ব দিয়া হৈছিল। লগতে প্ৰভাৱশালী ব্যক্তিসকলৰ ঘৰলৈ গ্ৰেনেড নিক্ষেপ কৰাৰ ষড়যন্ত্ৰও ৰচনা কৰিছিল।

ATSৰ তথ্য অনুসৰি, এই দুয়োজন অভিযুক্তে এটা শ্লিপাৰ চেলো গঠন কৰিছিল। আতংকবাদী কাৰ্যকলাপৰ বাবে তেওঁলোকক ধনৰ লোভ দেখুওৱা হৈছিল—প্ৰথমে ৫০ হাজাৰ টকা আগধন আৰু পিছত ২.৫ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। তেওঁলোকে ইনষ্টাগ্ৰামৰ জৰিয়তে পাকিস্তানী গেংষ্টাৰৰ সৈতে যোগাযোগ কৰিছিল আৰু বন্ধ হোৱা আইডিৰ পিছতো নতুন একাউণ্ট সৃষ্টি কৰিছিল।

আন গুৰুত্বপূৰ্ণ তথ্য

  • পৰস্পৰৰ সৈতে যোগাযোগৰ বাবে ভইচ আৰু ভিডিঅ’ কল ব্যৱহাৰ কৰিছিল
  • দুবাইৰ পথৰে পাকিস্তানলৈ নিয়া হ’ব বুলি লোভ দেখুওৱা হৈছিল
  • কিছুমান কঠোৰপন্থী ইউটিউবাৰেও প্ৰভাৱিত কৰিছিল
  • মীৰঠত থাকি ডাঙৰ ষড়যন্ত্ৰ কৰাৰ পৰিকল্পনা কৰিছিল
  • ‘TTH’ লিখি মানুহক সংযোগ কৰিবলৈ দায়িত্ব দিয়া হৈছিল

এই সন্দেহজনক ISIৰ এজেণ্ট মেজৰ হামিদ, ইকবাল আৰু আনোৱাৰৰ সৈতে সংযোগত আছিল বুলি জনোৱা হৈছে। বৰ্তমান ATS-এ তেওঁলোকক ৰিমান্ডত লৈ অধিক সোধা-পোছা চলাব। তদন্তত আৰু বহু ডাঙৰ তথ্য উন্মোচিত হোৱাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল

You might also like