নিয়মীয়া বাৰ্তা, বনগাঁও, ২৫ এপ্ৰিল : মাজুলীৰ কঁঠালখোৱা চাপৰিৰ বনৰীয়া হাতীৰ জাকৰ জিৰণি লোৱা ঠাই হিচাপে পৰিচিত এখন কাঠনি এতিয়া বনধ্বংসকাৰীৰ কৰাল গ্ৰাসত পৰা পৰিলক্ষিত হৈছে। ব্যক্তিগত মুনাফাৰ স্বাৰ্থত প্ৰায় পাঁচ-ছয় বিঘা মাটি আৱৰি থকা এই কাঠনিখনত থকা আজাৰ/শিমলুৰ লগতে বহু মূল্যৱান গছ আজি প্ৰায় ১৫ দিনৰ ভিতৰত কাটি তচনচ কৰা বুলি স্থানীয় কঁঠালখোৱাবাসী ৰাইজে অভিযোগ তুলিছে।
কাঠনিখন দীৰ্ঘদিন ধৰি মাজুলীলৈ অহা বন্যহস্তীৰ জাকৰ জিৰণি লোৱা আৰু খোৱা-বোৱাৰ অন্যতম স্থান আছিল। গছ কাটি পেলোৱাৰ ফলত বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস হোৱাৰ লগতে পৰিৱেশৰ ভাৰসাম্য নষ্ট হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে।
কঁঠালখোৱা চাপৰিৰ বাসিন্দাসকলে কয় যে এইদৰে গছ কাটি থকাৰ সময়ত বন বিভাগক বাৰম্বাৰ জনোৱাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ মাজুলী বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাক লৈ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।
স্থানীয় এজন বাসিন্দাই কয়- এই কাঠনিখন কেৱল আমাৰ পৰিৱেশৰে অংশ নহয়, ই বন্যপ্ৰাণীৰ বাবে এক আশ্ৰয়স্থল। কিন্তু কিছুমান মানুহে নিজৰ স্বাৰ্থৰ বাবে ইয়াক ধ্বংস কৰি পেলাইছে। বন বিভাগে যদি এতিয়াও ব্যৱস্থা নলয়, তেন্তে অদূৰ ভৱিষ্যতে মাজুলীৰ পৰিৱেশৰ বাবে ই ভয়ংকৰ হ’ব।
পৰিৱেশপ্ৰেমী সংগঠনসমূহে ইতিমধ্যে জিলা প্ৰশাসনক তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি দোষীৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ ল’বলৈ দাবী জনাইছে।