নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত ইৰানৰ অংশগ্রহণত আমেৰিকাৰ নতুন চর্ত

ডিজিটেল ডেস্ক, ২৫ এপ্রিল : ইৰানৰ বিশ্বকাপত অংশগ্রহণক লৈ অনিশ্চয়তা বৃদ্ধি পাইছে৷ কাৰণ আমেৰিকাই নতুন চর্ত আৰোপ কৰিছে৷ প্রসংগক্রমে এইবাৰ বিশ্বকাপ অনুষ্ঠিত হ’ব আমেৰিকা–কানাডা আৰু মেক্সিকোত৷ ১১ জুনৰ পৰা আৰম্ভ হ’ব এই প্রতিযোগিতা৷ এইটো সত্য যে পশ্চিম এছিয়াত যুদ্ধৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পিছৰে পৰা বিশ্বকাপত ইৰানৰ অংশগ্রহণক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে৷

আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পৰ মন্তব্যৰ বাবে ই আৰু অধিক বৃদ্ধি পাইছে৷ যদিও বর্তমান যুদ্ধবিৰতি চলি আছে, তথাপি আমেৰিকা আৰু ইৰানৰ মাজত প্রথম ৰাউণ্ডৰ আলোচনাৰ পতন ঘটিছে৷ ইয়াৰ ফলত হৰমুজ জলদ্বীপত নতুন উত্তেজনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে৷ এনে পৰিস্থিতিত আমেৰিকাৰ বিদেশ মন্ত্রী মার্কো ৰুবিঅ’ৰ মন্তব্যই নতুন জল্পনা–কল্পনাৰ সৃষ্টি কৰিছে৷

বিশ্বকাপত ইৰানৰ অংশগ্রহণ সন্দর্ভত আমেৰিকাৰ বিদেশ মন্ত্রীগৰাকীয়ে কয়- ‘ইৰানৰ ফুটবলাৰসকলে বিশ্বকাপ খেলিবলৈ আমেৰিকালৈ অহাত আমাৰ কোনো আপত্তি নাই৷ ইৰানী খেলুৱৈৰ লগত আমাৰ কোনো সমস্যা নাই৷ কিন্তু ইৰানৰ ইছলামিক ৰিভলুচনেৰী গার্ড কর্পছৰ কোনোৱেই দলটোৰ লগত থাকিব নোৱাৰে৷ ফুটবলাৰৰ লগত অহা কোনো লোক কোনো ধৰণে আইআৰজিচিৰ লগত জড়িত হ’ব নালাগে৷ যদি তেনেকুৱা কোনোবা আছে তেন্তে আমি হয়তো তেওঁলোকক আমেৰিকাত প্রৱেশ কৰিবলৈ নিদিওঁ৷’

ইয়াৰ পাছত তেওঁ লগতে কয়- ‘আমেৰিকাই কেতিয়াও কোৱা নাই যে ইৰানী ফুটবলাৰসকলে বিশ্বকাপত খেলিবলৈ আহিব নোৱাৰে৷ কিন্তু আইআৰজিচিৰ উগ্রপন্থীক সাংবাদিক বা প্রশিক্ষক হিচাপে আনিব নোৱাৰি৷’

প্রসংগক্রমে ট্ৰাম্প প্রশাসনে আইআৰজিচিক সন্ত্রাসবাদী সংগঠন বুলি ঘোষণা কৰিছে৷ ৰুবিঅ’ই ইৰানক বিশ্বকাপত খেলাৰ আশ্বাস দিছিল যদিও কিছুদিন পূর্বে ট্ৰাম্পৰ ঘনিষ্ঠ সহায়ক পাওলো জাম্পোলিয়ে সন্দেহৰ সৃষ্টি কৰিছিল৷ তেওঁ কয় যে ইৰানৰ সলনি ইটালীক বিশ্বকাপ খেলাৰ সুযোগ দিয়া উচিত৷ ফিফাই অৱশ্যে এই দাবী মানি লোৱা নাছিল৷ ইৰানৰ মেচখন আমেৰিকাৰ পৰা স্থানান্তৰিত কৰাৰ দাবীও নাকচ কৰে৷ আনহাতে, ট্ৰাম্পেও নিজৰ সুৰ কোমল কৰি কয় যে ‘আমি নিবিচাৰোঁ যে এই সংঘাতে ইৰানৰ ফুটবলাৰৰ ওপৰত কোনো প্রভাৱ পেলাব৷’

You might also like